NORTHEAST NOW (Assamese)

Bokakhat, চ’ৰা দামত সামগ্ৰী বেচিব নোৱাৰিব সুলভ মুল্যৰ দোকানীয়ে; অভিযোগ পালে বাতিল হ’ব অনুজ্ঞাপত্ৰ

October 22, 2021 11:28 am · উত্তম শইকীয়া, বোকাখাত
Updated: October 22, 2021 11:59 am
ফটো: নৰ্থইষ্ট নাও।

Bokakhat মহকুমাত সুলভ মূল্যৰ কোনো দোকানীয়ে যদি গ্ৰাহকক নিৰ্ধাৰিত সামগ্রীত কম পৰিমাণৰ সামগ্ৰী প্ৰদান কৰে, সামগ্রী সমূহ উচিত দামতকৈ অধিক দামত বিক্ৰী কৰে বা ৰেচন কাৰ্ড বনোৱাৰ নামত কোনো লোকৰ পৰা টকা বিচাৰে তেন্তে তেনে দোকান বন্ধ কৰি অনুজ্ঞাপত্ৰও বাতিল কৰিব বুলি জাননী জাৰি কৰিছে বোকাখাত মহকুমা প্ৰশাসনে ৷

জনসাধাৰণে এনে অভিযোগ ফোন নম্বৰ ৯৭০৭৪১৪০৫৫ ত  দাখিল কৰিব পাৰিব আৰু এই ক্ষেত্ৰত অভিযোগকাৰীৰ তথ্য গোপনীয়তা ৰক্ষা কৰা হ’ব বুলি বোকাখাত মহকুমা প্ৰশাসনে জনাইছে ৷

অকল জাননীয়েই নহয়, এই ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ গ্ৰহনো কৰিছে বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱে ৷

বোকাখাতৰ মহকুমাৰ কাজিৰঙা সমবায় সমিতিৰ বৰজুৰিত থকা সন্দিপ চৌধুৰীৰ সুলভ মুল্যৰ দোকান খনৰ ওপৰত পোৱা অভিযোগৰ পিচত নিজেই গৈ চৰজমিন তদন্ত কৰি মহকুমাধিপতি গৰাকীয়ে  উক্ত দোকানখন বন্ধ কৰি দিয়ে। 

মহকুমাধিপতিগৰাকীয়ে লগতে উক্ত দোকানৰ স্বত্বাধিকাৰী সন্দিপ চৌধুৰীৰ নামত থকা অনুজ্ঞাপত্ৰও বাতিল কৰে। 

Related News