NORTHEAST NOW (Assamese)

হৃদৰোগত আক্ৰান্ত হৈ বলীউডৰ জনপ্রিয় অভিনেতা অমিত মিস্ত্ৰীৰ মৃত্যু

April 23, 2021 3:05 pm · এন ই নাও নিউজ

ক’ৰ’নাতংকৰ মাজতে এটা বেয়া খবৰে আজি জোকাৰি যায় দেশৰ চলচ্চিত্ৰপ্ৰেমীসকলক।

আজি পুৱা দৃৰোগত আক্ৰান্ত হৈ গুৰুতৰ ভাবে অসুস্থ হৈ পৰে অভিনেতাগৰাকী।

তেওঁক লগে লগে মুম্বাইৰ এখন চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

অভিনেতাগৰাকীৰ মেনেজাৰে প্ৰকাশ কৰা মতে আজি পুৱাৰ জলপান গ্ৰহণ কৰা পৰ্যন্ত অভিনেতাগৰাকী সম্পূৰ্ণ সুস্থ অৱস্থাতে আছিল।

হঠাতে তেওঁ বুকুৰ বিষ অনুভৱ কৰিবলৈ ধৰে আৰু গুৰুতৰ ভাবে অসুস্থ হৈ পৰে।

মৃত অমিত মিস্ত্ৰীয়ে বলীউডৰ ক্যা কহনা,এক চালিছ কি লাষ্ট লকাল,ছৰ ইন দ্য চিটি,য়ামলা পাগলা দিৱানা,এ জেণ্টেলমেন আদি জনপ্ৰিয় ছবিত অভিনয় কৰিছিল।

তেওঁ লগতে আমাজান প্ৰাইম ছিৰিজৰ বন্দিছ বন্দিছতো অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।

অভিনেতা অমিত মিস্ত্ৰীৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰি কৰণ গ্ৰোভাৰে টুইটত লিখিছে—‘এয়া এক ভাবিব নোৱাৰা খবৰ।তেওঁৰ আত্মাই সদগতি লভক’।

উল্লেখ্য মুক্তিৰ অপেক্ষাত থকা বলীউডৰ কেইবাখনো ছবি যেনে ভূত পুলিচকে ধৰি আন ভালেইখন ছবিত অভিনেতাগৰাকীয়ে অভিনয় কৰিছে।

তেওঁৰ মৃত্যুত বলীউডত শোকৰ ছাঁ পৰিছে।

 

Related News