NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত হঁহুৱাবলৈ শিকাই গ’ল ৰাজপাল য়াদৱে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 15, 2019 7:04 pm
Bollywood actor Rajpal Yadav takes part in T Series Stageworks Guwahati's workshop

গুৱাহাটীত শনিবাৰে এক অভিনয় কৰ্মশালাত শিক্ষাৰ্থীক দৰ্শকক হঁহুওৱাৰ প্ৰশিক্ষণ দি গ’ল বলিউদৰ জনপ্ৰিয় অভিনেতা ৰাজপাল য়াদৱে।

গুৱাহাটীৰ চিটি চেণ্ট্ৰেলত থকা T Series Stageworks নামৰ শিক্ষানুষ্ঠানটোত শনিবাৰে কৰ্মশালাখন অনুষ্ঠিত হৈছিল।

“নিজৰ লক্ষ্য স্থিৰ কৰি ল’ব লাগে। লক্ষ্য স্থিৰ কৰি ল’লে কমেদিয়ে হওক বা অন্য অভিনয়ে হওক সফলভাৱে ৰূপায়ণ কৰিব নোৱাৰাৰ কোনো কাৰণ নাই,” কৰ্মশালাৰ পিছতে সাংবাদিকক এইদৰে জনায় অভিনেতা য়াদৱে।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক য়াদৱে যোৱা প্ৰায় দুই দশক ধৰি বলিউদত অভিনয় কৰি আহিছে।

য়াদৱৰ লগতে অভিনেতা গোৱিন্দ নামদেৱেও কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰে। অভিনয়ৰ লগতে জীৱনৰ বহু তিতা-মিঠা অভিজ্ঞতা তেওঁলোকে শিক্ষাৰ্থীৰ সৈতে বিনিময় কৰে।

T-Seriesৰ এই শিক্ষানুষ্ঠানখনে অভিনয়ৰ লগতে চিনে’মা নিৰ্মাণৰ লগত জৰিত বিভিন্ন কাৰিকৰী দিশৰ পাঠ্যক্ৰম আগবঢ়ায়।