NORTHEAST NOW (Assamese)
Popular Stories

Siddhant Kapoor: ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ সিদ্ধান্ত কাপুৰ; বাতৰি শুনি যেন মূৰত বজ্ৰপাত পিতৃ শক্তি কাপুৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2022 6:04 pm

ড্ৰাগছকলৈ পুনৰ চৰ্চাত আহিছে বলীউড। এইবাৰ ড্ৰাগছৰ সৈতে জড়িত হৈ পৰিছে আন এগৰাকী তাৰকাৰ পুত্ৰ। তেওঁ হৈছে সিদ্ধান্ত কাপুৰ। সিদ্ধান্ত শক্তি কাপুৰৰ পুত্ৰ। সেই শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ দৰেই  ৰেভ পাৰ্টিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ‘হাছিনা পাৰ্কাৰ’, ‘জাজবা’ৰ অভিনেতাগৰাকীক।

দেওবাৰে নিশা বেংগালুৰুৰ এখন পাঁচতাৰকা হোটেলৰ পৰা সিদ্ধান্তক গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে ৰাতিপুৱা ফোনত বাতৰিটো শুনি পিতৃ শক্তি কাপুৰৰ মূৰতে  বজ্ৰপাতৰ দৰে হয়। সিদ্ধান্ত কাপুৰৰ ভগ্নী তথা শক্তি কাপুৰৰ কন্যা শ্ৰদ্ধা কাপুৰো বলীউদৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

পুৱাৰ পৰা বলীউডৰ প্ৰবীণ অভিনেতাজনৰ ফোনটো প্ৰায় নিৰন্তৰভাৱে বাজি আছে। পুত্ৰৰ গ্ৰেপ্তাৰৰ বাতৰিকলৈ শক্তি কাপুৰৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল, “এয়া হ’বই নোৱাৰে।‘’

সিদ্ধান্ত কাপুৰ।

পিছত তেওঁ গ্ৰেপ্তাৰ হোৱাৰ কথা অস্বীকাৰ কৰি সংবাদ মাধ্যমক জনাইছিল: “মই একো নাজানো। মই এইমাত্ৰ টোপনিৰ পৰা সাৰ পাইছো। উঠাৰ লগে লগে মই দেখিছোঁ যে মোৰ ফোনটো নিৰন্তৰ বাজি আছে। সিদ্ধান্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। কিন্তু আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে মাতিছিল। মই নাভাবো যে তেওঁ এইবোৰ কৰিছে। বাতৰিত যি আহিছে এই মুহূৰ্তত মোৰ ওচৰতো সেইখিনিয়েই খৱৰ আছে। আৰু সিদ্ধান্তৰ গ্ৰেপ্তাৰৰ বাতৰি শুনি মোৰ বৰ কষ্ট হৈছে। “

উল্লেখ্য যে সিদ্ধান্ত দেওবাৰে কৰ্ণাটকৰ এটা ৰেভ পাৰ্টিত ডিজে হিচাপে উপস্থিত আছিল। তাতেই তালাচী চলাই সিদ্ধান্ত কাপুৰক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছতে পৰীক্ষা সম্পন্ন কৰা হয়। তাৰ পিছত ৰিপ’ৰ্ট পজিটিভ আহে। বেংগালুৰুৰ আৰক্ষী আয়ুক্ত ভীমশংকৰ এছ-এ কয়, “তদন্ত চলি আছে, গোচৰ ৰুজু কৰা হৈছে।”

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বেংগালুৰুৰ পাঁচতাৰকা হোটেলখনত অভিযান চলাই ৩৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু চিকিৎসা পৰীক্ষা কৰা হয়। ইয়াৰে ছয়জনৰ ৰিপ’ৰ্ট পজিটিভ আহিছে। তেওঁলোকৰ ভিতৰত শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰো আছে।