NORTHEAST NOW (Assamese)
দেশ

বৃহৎ কুটাঘাটৰ পৰা ৰক্ষা! জম্মু-কাশ্মীৰত উদ্ধাৰ শক্তিশালী টিফিন বোমা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 3, 2023 6:42 pm
Tiffin Box Explosive

এক ভয়ানক বিস্ফোৰণৰ পৰা ৰক্ষা পৰিছে জম্মু-কাশ্মীৰ। উপত্যকাটোৰ ৰাজৌৰী জিলাত আজি কুটাঘাটৰ লক্ষ্যৰে স্থাপন কৰা এটা শক্তিশালী ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) উদ্ধাৰ হৈছে।

পুৱা প্ৰায় ৪.৪৫ বজাত জম্মু-পুঞ্চ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চাংপুৰ নামৰ এখন গাঁৱত সেনাৰ এটা দলে পথৰ দাঁতিৰ এটা কালভাৰ্টৰ সমীপত পৰি থকা অৱস্থাত টিফিন বাকচ উদ্ধাৰ কৰে।

টিফিন বাকচটো পৰীক্ষা কৰাৰ পিছত ভিতৰত স্থাপন কৰা বোমাটো উদ্ধাৰ কৰে সেনাৰ দলটোৱে। সেনাৰ এগৰাকী উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়া মতে, বোমাটো উদ্ধাৰৰ পিছতে নিকটতম সেনা শিবিৰত অৱগত কৰা হয়।

শিবিৰৰ পৰা সেনাৰ অতিৰিক্ত তিনিটা দল বোমা উদ্ধাৰৰ স্থানলৈ প্ৰেৰণ কৰা হয়। লগতে সমান্তৰালভাৱে কাল্লাৰ আৰু বালাভেনিউত এটা চেক প’ষ্ট স্থাপন কৰা হয় বুলি সেনা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

একে সময়তে স্থানীয় আৰক্ষীক বোমা উদ্ধাৰৰ বিষয়ে অৱগত কৰা হয় আৰু এটা বোমা নিষ্কাশনকাৰী দলে পুৱা প্ৰায় ৮.১৫ বজাত বোমাটো চিনাক্ত কৰি সফলতাৰে নিষ্ক্ৰিয় কৰে।

বিষয়াসকলে জানিবলৈ দিয়া মতে, ব্যস্ত ঘাইপথটোত বোমা উদ্ধাৰৰ পিছতে তিনি ঘণ্টাৰো অধিক সময় যাতায়ত স্থগিত হৈ থাকে।

আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰু বিস্ফোৰণৰ উদ্দেশ্যে ঘাইপথত বোমা স্থাপন কৰা সন্দেহযুক্ত সন্ত্ৰাসবাদীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে অধিক তদন্ত অব্যাহত আছে বুলিও বিষয়াসকলে লগতে কয়।