NORTHEAST NOW (Assamese)
Popular Stories

দেহ যতনৰ বাবে পইতাচোৰাৰ জ্যুচ! ক’ত এই আজৱ ঔষধ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 3, 2023 6:02 pm
Cockroach Juice

কিছুমান খাদ্য খোৱাৰ কথা শুনিলে হয়তো আপোনাৰ গা শিয়ৰি উঠিব। তাতেই সেয়া যদি পইতাচোৰাৰ জ্যুচ হয়, তেতিয়া কি কৰিব আপুনি?

পইতাচোৰা দেখিলে আমাৰ বহুতেই ভয় কৰে বা বহুতেই ঘৃণা কৰে। কিন্তু চীনৰ লোক এইক্ষেত্ৰত কিছু সুকীয়া। তেওঁলোকৰ খাদ্য তালিকাত পইতাচোৰাৰ বিশেষ স্থান আছে।

চীনৰ ছিছুয়াং প্ৰদেশৰ ছিচাঙত এটা সংস্থাই প্ৰস্তুত কৰে পইতাচোৰাৰ চৰ্বত বা ককৰ’ছ জ্যুচ। সংস্থাটোৱে ইয়াৰ ফাৰ্মত বছৰি ৬০০কোটি পইতাচোৰাৰ জন্ম দিছে। বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি পইতাচোৰাৰ খেতি কৰিছে।

এই খেতিৰ পইতাচোৰা পেষ্ট কৰি বনোৱা হয় বিশেষ দৰৱ ‘ককৰ’ছ জ্যুচ’। সংস্থাটোৱে দাবী কৰা মতে, ককৰ’ছ জ্যুচ খালে খাদ্যনলী তথা শ্বাসযন্ত্ৰৰ ৰোগ নিৰাময় হয়। অৱশ্যে এয়া কিমান বিজ্ঞানসন্মত তাক লৈ প্ৰশ্নৰ উদয় হৈছে।

পইতাচোৰা আটাইতকৈ পুৰণি জীৱন্ত প্ৰাণী। পইতাচোৰা মাৰিবলৈ যিমানেই বিষাক্ত দ্ৰব্য নোলাওক কিয় বিশ্বৰ পৰা ইয়াক শেষ কৰিব পৰা হোৱা নাই। অৱশ্যে পইতাচোৰাই সাধাৰণতে বিশেষ একো ক্ষতি নকৰে।

পিটপিটাই ঘুৰি ফুৰা পইতাচোৰা দেখিলে আমাৰ মানুহৰহে গা-মন জোকাৰ খাই উঠে। তদুপৰি, ই লেতেৰা স্থানতহে নিজৰ বাহ পাতে।

প্ৰাচীন চীনা চিকিৎসা অনুসৰি, পইতাচোৰাৰ চৰ্বত বা চুপে পেটৰ অসুখ, বমি বন্ধ কৰাৰ লগতে পেটৰ আলচাৰৰ কষ্টও দূৰ কৰে।