NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ: এম এছ লক্ষ্মী প্ৰিয়াৰ শ্ৰেষ্ঠ জিলা নিৰ্বাচনী বিষয়া হিচাপে বঁটা গ্ৰহণ

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও January 26, 2022 6:40 am

বিগত ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত অতি নিয়াৰিকৈ নিৰ্বাচনী কাম-কাজ পৰিচালনা কৰাৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ডা:এম এছ লক্ষ্মী প্ৰিয়াই ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ জিলা নিৰ্বাচনী বিষয়া হিচাপে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা বঁটা লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

গুৱাহাটী মাছখোৱা আই টি এ প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত “ৰাষ্ট্ৰীয় ভোটাৰ দিৱস”ৰ ৰাজ্যিক ভিত্তিত আয়োজিত অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ হাতৰ পৰা জিলা উপায়ুক্তগৰাকীয়ে এই বঁটা গ্ৰহণ কৰে ৷