NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত চিকিৎসকৰ নিদানপত্ৰ অবিহনে ঔষধ প্ৰদান কৰা ফাৰ্মাচিষ্ট আৰু হোমিওপেথিক ফাৰ্মাচিষ্টৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও January 20, 2022 9:23 am

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ প্ৰসূতি মাতৃ আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে যথেষ্ট গুৰুত্ব দি অহাৰ সময়তে বিগত মাহত প্ৰসূতি মাতৃ আৰু নৱজাত শিশুৰ মৃত্যু সম্পৰ্কত উপায়ুক্তগৰাকীয়ে অনলাইন পদ্ধতিত (ভাৰ্চুৱেল) পৰ্যালোচনা কৰে।

উল্লেখযোগ্য যে উপায়ুক্তগৰাকীয়ে প্ৰসূতি মাতৃ আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে যথেষ্ট গুৰুত্ব দি আহিছে। ইয়াৰ মাজতে বিগত ডিচেম্বৰ মাহত জিলাখনৰ এগৰাকী প্ৰসূতি মাতৃৰ মৃত্যু হয়।

প্ৰসূতি মাতৃগৰাকী মাণিকপুৰ নয়াগাঁৱৰ আছিল আৰু বৰপেটা মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়। সেয়া কি পৰিস্থিতিত হ’ল সভাত তাৰ পৰ্যালোচনা কৰে ৷ আনহাতে নৱজাত শিশুৰ মৃত্যু সম্পৰ্কতো উপায়ুক্তগৰাকীয়ে চিকিৎসা তথা স্বাস্থ্য বিষয়াসকলৰ লগত পৰ্যালোচনা কৰে। প্ৰধানকৈ আশাকৰ্মীসকলৰ লগত ৰোগীৰ অভিভাৱকৰ যথাযথ যোগাযোগ নোহোৱাটো শিশুসকলৰ মৃত্যুৰ কাৰণ বুলি উপায়ুক্তগৰাকীয়ে অনুধাৱন কৰে।

তদুপৰি কিছুমান অভিভাৱকে বেজৰ ওচৰলৈ নিজৰ শিশুটি লৈ যোৱাটোও ধৰা পৰে। ইয়াৰে ভিতৰত দুটি শিশুৰ মৃত্যুৰ ক্ষেত্ৰত তদন্ত কৰিবলৈ এটি স্বাস্থ্য বিষয়াৰ দল নিয়োগ কৰিবলৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে।

ইয়াৰ উপৰিও আশাকৰ্মীসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিবলৈও ডিচিএম(DCM) ক নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে।

উপায়ুক্তগৰাকীয়ে উচিত দায়িত্ব পালন নকৰা বাবে এগৰাকী আশাকৰ্মী আৰু এগৰাকী আশা চুপাৰভাইজৰলৈ কাৰণ দৰ্শোৱাৰ জাননী পঠাবলৈ বঙাইগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক নিৰ্দেশ দিয়ে। আনহাতে চিকিৎসকৰ নিদানপত্ৰ অবিহনে ঔষধ প্ৰদান কৰা এজন ফাৰ্মাচিষ্ট, এজন বেজ আৰু এজন হোমিওপেথিক ফাৰ্মাচিষ্টৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই।

ভুৱা চিকিৎসকৰ বিৰুদ্ধে তদন্ত কৰিবলৈ উপায়ুক্তগৰাকীয়ে আৰক্ষী অধীক্ষকক আহ্বান জনায়।

তদুপৰি পূৰ্ৱৰ কোভিডৰ দুটা ঢৌৰ সময়ত চিকিৎসক তথা চিকিৎসাকৰ্মী সকলে যেনেদৰে ভালদৰে কাম কৰি কোভিডক প্ৰতিহত কৰাত অগ্ৰণী ভূমিকা লৈছিল তেনেদৰে কোভিডৰ তৃতীয় ঢৌতো কাম কৰিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে।