NORTHEAST NOW (Assamese)
অসম

ব্লেক মেনৰ আতংক! বঙাইগাঁৱত প্ৰশাসনে অনুষ্ঠিত কৰিছে ইখনৰ পিছত সিখন সভা, মাইকেৰেও কৰিছে ঘোষণা

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 24, 2021 9:52 pm
black

বিগত কেইদিনমানৰ পৰা বঙাইগাঁও জিলাৰ বিভিন্ন এলেকাত ক’লা মানুহৰ উৰাবাতৰিয়ে সৰ্বসাধাৰণ ৰাইজক আতংকিত কৰি তুলিছে। জিলা খনৰ সীমান্ত সংলগ্ন বহলপুৰ, চাপৰ আদি ঠাইতো এই আতংক বিয়পি পৰিছে।

জিলাখনৰ বইটামাৰী,পালপাৰা আদি ঠাইত ক’লা মানুহ ওলোৱা বুলি উৰাবাতৰি বিয়পিছে।
এই সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনেও ক’লা মানুহৰ উৰাবাতৰিত আতংকিত নহ’বলৈ ৰাইজলৈ গোহাৰিযোগে অনুৰোধ জনাইছে।

বইটামাৰীতো ক’লা মানুহৰ উৰাবাতৰি বিয়পি পৰাত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াৰ নিৰ্দেশনামৰ্মে উত্তৰ শালমাৰা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা বইটামাৰী ৰাজহ চক্ৰত শনিবাৰে এক সজাগতামূলক সভা অনুষ্ঠিত কৰে।

মহকুমাধিপতি পাৰ্থ সাৰথি জহৰী , মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসৰ উপস্থিতিত বইটামাৰীৰ ৰাজহ চক্ৰ বিষয়া সুজাতা গোস্বামী, আছু আৰু সংখ্যালঘু ছাত্ৰ সংগঠনৰ কেবাগৰাকীও নেতৃস্থানীয় ব্যক্তিৰ সৈতে এক সজাগতামূলক সভা অনুষ্ঠিত কৰে।

লোকসকলৰ লগত আলোচনামৰ্মে ধনতোলা বজাৰ,নিত্য বজাৰ,ঢাকনাবাৰী বজাৰ,বীৰপাৰা আৰু পচাগাঁও চাৰিআলিত দেওবাৰৰ পৰা মহকুমা  প্ৰশাসন  আৰু আৰক্ষী প্ৰশাসনৰ লোকৰ উপস্থিতিত সজাগতামূলক সভা অনুষ্ঠিত কৰা হ’ব।
আৰক্ষীৰ লোকে গাঁওৰক্ষী বাহিনীক সজাগ হৈ থাকিবলৈ নিৰ্দেশনা দিছে যাতে ক’তো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে।

আনহাতে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পল্লৱজ্যোতি নাথেও মেৰেৰচৰ থানা প্ৰাংগণত গাঁওৰক্ষী বাহিনী আৰু নেতৃস্থানীয় লোকৰ সৈতে ক’লা  মানুহ আৰু বগা মানুহৰ উৰাবাতৰি সন্দৰ্ভত এক আলোচনা সভাত মিলিত হয় ।

তেওঁ গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীৰ লোকক নিশাৰ ভাগত কঢ়া নিৰীক্ষণ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে।
গাঁও-পঞ্চায়তৰ সভাপতি আৰু সচিব আৰু গাঁওৰক্ষী বাহিনীৰ সৈতে অচিৰেই আন এখন সভা পাতি সৰ্বসাধাৰণ ৰাইজক অধিক সজাগ কৰা হ’ব বুলিও চক্ৰ বিষয়াগৰাকীয়ে জনাইছে।

আনহাতে আজি বঙাইগাঁও চহৰ, অভয়াপুৰী চহৰ আৰু বইটামাৰীত মাইকযোগে ক’লা মানুহৰ উৰাবাতৰিত আতংকিত নহ’বলৈ সৰ্বসাধাৰণ ৰাইজক গোহাৰি জনাইছে প্ৰশাসনে।