NORTHEAST NOW (Assamese)
অসম

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ

Posted by: ইয়াছিন আলী October 21, 2018 10:34 am

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীত হোজাইৰ বহু বিতৰ্কিত বিধায়ক শিলাদিত্যৰ দেবৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমৰাণ হুছেইন খানে শনিবাৰে এজাহাৰ দাখিল কৰে ।

বঙাইগাঁও জিলা আৰু উত্তৰ অভয়াপুৰী সমষ্টি যুৱ কংগ্ৰেছ কৰ্মীয়ে একেলগে কালি শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

উল্লেখ্যযোগ্য যে যোৱা ১৪ অক্টোবৰত বিধায়কজনে ধুবুৰীৰ আৱৰ্ত ভৱনত বহি বৰপেটা, গোৱালপাৰা, ধুবুৰীকে আদি কৰি সংখ্যালঘু অধ্যুষিত জিলাত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক বোমা বিস্ফোৰণৰ কৰাৰ উচটনি মূলক মন্তব্য দিয়াৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে এজাহাৰ দাখিল কৰে।

এজাহাৰকাৰী ইমৰাণ হুছেইনে জানিবলৈ দিয়া মতে বিধায়ক শিলাদিত্য দেৱ এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমৰ বাবে বিপদজনক, গতিকে তৎকালে বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰিব লাগে।