NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছৰ আতংকৰ মাজতে মাজুলীত পৰিভ্ৰমী পক্ষীৰ কোলাহল

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ April 9, 2020 7:48 pm

দেশৰ আন ঠাইৰ লগতে মাজুলীতো এতিয়া কেউফালে কৰ’নাভাইৰাছ মহামাৰীৰ আতংক।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে আহ্বান জনোৱা ২১দিনীয়া লকডাউনত জনজীৱন স্থৱিৰ হৈ পৰিছে।

উদং পথাৰ, জনশূন্য ৰাজপথ। মানুহৰ মাজত সামাজিক ব্যৱধান। ইঘৰ-সিঘৰৰ মাজতো নাই এতিয়া ধেমালিৰ চুপতি।

কিন্তু ইয়াৰ মাজতে মাজুলীৰ আকাশ-বতাহ ভৰাই তুলিছে জাক জাক পৰিভ্ৰমী পক্ষীৰ কোলাহলে।

পথাৰত কৃষক নাই, নাই কোনো গৰখীয়াৰ কিৰীলি। মাজুলীৰ নিতাল পথাৰ-বিলত এতিয়া পৰিভ্ৰমী পক্ষীৰ মুক্ত বিচৰণ।

উৰিছে, খেলিছে জাক জাক পক্ষীয়ে।

মাজুলীত এতিয়ালৈকে কোনো ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱা নাই।

অসমত এতিয়ালৈকে ২৮গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে। আটাইকেইগৰাকীয়ে বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

উল্লেখযোগ্য যে কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজত দেশজুৰি প্ৰদূষণৰ মাত্ৰা ব্যাপকভাৱে হ্ৰাস পাইছে।

আনকি খোদ দিল্লীৰ দৰে মহানগৰীত বায়ুৰ গুণমান এতিয়া সন্তোষজনক পৰ্য্যায়ত আছে। নাই কোনো প্ৰদূষণ।