NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰেছ ক্নাৱত লেখিকা পৰিণীতা ভট্টাচাৰ্য্য কটকীৰ “লকডাউন ডায়েৰীত ক’ৰ’নাৰ দিনবোৰ” শীৰ্ষক গ্ৰন্থ উন্মোচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 4:18 pm
book

বৃহস্পতিবাৰে  আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্নাৱত লেখিকা পৰিণীতা ভট্টাচাৰ্য্য কটকীৰ “লকডাউন ডায়েৰীত ক’ৰ’নাৰ দিনবোৰ” শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী সভাখন সফলতাৰে  সম্পন্ন হৈ যায়৷

এই  সভাত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, বিশিষ্ট অনুবাদক,লেখক- সমালোচক তথা প্ৰাক্তন জিলা উপায়ুক্ত দীপক গোস্বামী৷

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে লোকসভাৰ প্ৰাক্তন সাংসদ ড°অৰুণ শৰ্মা,যশস্বী নাট্যকাৰ,লেখক ,পৰিচালক প্ৰভাত গোস্বামী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰমেন কুমাৰ শৰ্মা উপস্থিত থাকে ৷

সাম্প্ৰতিক সময়ৰ প্ৰাসংগিকতা থকা ২৬ টাকৈ লেখা সন্নিৱিষ্ট পৰিণীতা ভট্টাচাৰ্য্য কটকীৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ ব্ৰহ্মা বুক্‌ছৰ হৈ চন্দনা লহকৰে৷

“ক’ভিড প্ৰ’টকল” মানি আয়োজন কৰা এই গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে সাংবাদিক দৰ্শনা বৰুৱাই ৷ প্ৰয়াত প্ৰাঞ্জল ভট্টাচাৰ্য্য আৰু প্ৰান্তিক ভট্টাচাৰ্য্যৰ স্মৃতিত লেখিকাই তৰ্পণ কৰা গ্ৰন্থখনত “ক’ৰ’না আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা”, “লকভাউন আৰু এক ভয়ংকৰ বাস্তৱ , “ক’ৰ’না আৰু ইটো সিটো” , “ক’ভিড-১৯ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,  “ক’ৰ’না — হাঁহি আৰু কান্দোন” , “ক’ভিড -১৯ আৰু অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,”  “লকডাউন আৰু মানুহৰ জীৱন” আদি বিশ্লেষণধৰ্মী কিছুমান  লেখা অন্তৰ্ভূক্ত কৰা হৈছে ৷

উক্ত গ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ১০২ ৷  মহানগৰীৰ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী তথা পূৰ্বে তিনিখনকৈ  ইংৰাজী ভাষাত গ্ৰন্থ প্ৰকাশ হোৱা  লেখিকা পৰিণীতা  ভট্টাচাৰ্য্য কটকীয়ে  এই ক’ৰ’নাকালৰ দুঃসময়খিনিত  কিছুমান ইতিবাচক আৰু যোগাত্মক চিন্তা নিজৰ কলমৰে নিগৰাই দিয়াৰ  কিছু প্ৰয়াস কৰিছে যাতে পাছৰ  প্ৰজন্মই বৰ্তমানৰ সংকটকালৰ কথাবোৰ ভৱিষ্যতে অনুভৱ কৰিব পাৰে ৷

গীতাশ্ৰী শৰ্মা, ধনজিৎ মেধি,প্ৰশান্ত কটকী,ইন্তাজুৰ ৰহমান আদিকে ধৰি কেইবাজনো গ্ৰন্থনুৰাগী বিশিষ্ট ব্যক্তি  উপস্থিত থকা সভাখনত সকলোৱে লেখিকাৰ সময়োপযোগী প্ৰচেষ্টাৰ শলাগ লৈ পৰিণীতা ভট্টাচাৰ্য্য কটকীৰ সদ্য উন্মোচিত গ্ৰন্থখনৰ ভিন্ন দিশৰ আলোচনা কৰে৷