NORTHEAST NOW (Assamese)
অসম

চতুৰ্থবাৰৰ বাবে দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ ইণ্ডোৰ,প্ৰথম ২০টা স্থানতো নাই গুৱাহাটীৰ নাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 4:04 pm
swachh_surveksh

একেৰাহে চতুৰ্থ বাৰৰ বাবে দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ সন্মানৰ অধিকাৰী হৈছে মধ্য প্ৰদেশৰ ইণ্ডোৰ চহৰ।

কেন্দ্ৰীয় আৱাস আৰু নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি ভাৰ্চুৱেল অনুষ্ঠান স্বচ্ছ মহোৎসৱৰ জৰিয়তে প্ৰকাশ কৰে দেশৰ পৰিষ্কাৰ চহৰ সমূহৰ নাম তালিকা।

দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ তালিকাৰ শীৰ্ষত মধ্যপ্ৰদেশৰ ইণ্ডোৰ চহৰে স্থান লাভ কৰাৰ লগতে দ্বিতীয় পৰিষ্কাৰ চহৰৰ সন্মান অৰ্জন কৰিছে চুৰাট চহৰে।

তৃতীয় স্থানত আছে নৱী মুম্বাই। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল দেশৰ স্বচ্ছ চহৰ সমূহৰ তালিকাৰ প্ৰথম কুৰিটা স্থানতো

ভূমুকি মাৰিবলৈ সক্ষম নহ’ল গুৱাহাটী মহানগৰীয়ে ।

এই বেলি ২৮ দিন ধৰি দেশৰ মুঠ ৪২৪২ খন চহৰত স্বচ্ছতা সৰ্বেক্ষণ সমীক্ষা চলোৱা হৈছিল।

সমীক্ষাত ৫৬৪৭.৫৬ স্কৰ লাভ কৰি ইণ্ডোৰ চহৰে পুনৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাবে বিবেচিত হয়।

দ্বিতীয় স্থানত থকা চুৰাট চহৰে লাভ কৰে ৫৫১৯.৫৯ স্কৰ।

তৃতীয় স্থানৰ নৱী মুম্বায়ে লাভ কৰে ৫৪৬৭.৮৯ স্কৰ।

গংগাৰ পাৰৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ সন্মান লাভ কৰে বাৰানসী চহৰে।

১০-৪০ লাখ জনসংখ্যাৰ পৰিষ্কাৰ চহৰ হৈছে বিজয়ৱাড়া।একেদৰে ৪০ লাখ জনসংখ্যাৰ ওপৰৰ পৰিষ্কাৰ চহৰ হৈছে আহমেদাবাদ।