ভাৰত- বাংলাদেশ সীমান্তৰ বজাৰ পুনৰ মুকলি কৰাৰ পক্ষত অৰ্থনৈতিক বিশেষজ্ঞ
ক’ৰ’ণা ভাইৰাছৰ মহাসংক্ৰমণৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা বন্ধ কৰি দিয়া হৈছে ভাৰত-বাংলাদেশ সীমান্তৰ কেবাখনো অতি গুৰুত্বপূৰ্ণ বজাৰ।
ইয়াৰ ফলত বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হবলগীয়া হৈছে সীমান্তত বাস কৰা লোক সকল। সীমান্তৰ অতি দুৰ্গম অঞ্চলত বাস কৰা লোক সকলে সীমান্তৰ বজাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইমান দিনে চলি আহিছে।
তেনে পৰিস্থিতিত বজাৰ সমূহ বন্ধ হৈ থকাত খাদ্য বস্তুকে ধৰি অন্যান্য সামগ্ৰীৰ নাটনিত ভুগিবলগীয়া হৈছে সীমান্তবাসী।উল্লেখ্য ২০১১,২০১২, ২০১৫ চনত ভাৰত-বাংলাদেশ সীমান্তত ৪খনকৈ বজাৰ স্থাপন কৰা হৈছিল।
বৰ্তমান সেই চাৰিওখন বজাৰেই বন্ধ হৈ আছে। এনে পৰিস্থিতিত ভাৰত-বাংলাদেশৰ বহু কেইগৰাকী অৰ্থনৈতিক বিশেষজ্ঞই কেতবোৰ বিশেষ নীতি-নিয়মৰ মাজেৰে বজাৰ সমূহ খোলাৰ বিষয়ত জোৰ দিছে।
বাংলাদেশ বেংকৰ প্ৰাক্তন গভর্ণর আতিউৰ ৰহমানে এই প্ৰসংগত কৈছে যে সীমান্তৰ বজাৰ সমূহত দুয়োখন দেশৰ লোকে পৰম্পৰাগত ভাৱে সামগ্ৰীৰ আদান-প্ৰদান কৰি আহিছে।
তেনেস্থলত বজাৰ সমূহ বন্ধ কৰি ৰখাৰ প্ৰশ্ন নুঠে। তেওঁ উন্নয়ন সমন্বয় নেমৰ এটা বেচৰকাৰী সংগঠনৰো মুৰব্বী পদত আছে।
জয়পুৰস্থিত কাটছ ইন্টাৰনেছনেলৰ সঞ্চালক বিপুল চেটাৰ্জীয়েও সীমান্তৰ বজাৰ সমূহ চৰকাৰী নীতি-নিয়ম মানি খুলি দিয়াৰ সপক্ষে মত দিছে।