NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয়তা ঘূৰাই অনাৰ প্ৰয়াসেৰে নতুন ৰূপত বৰদলৈ ট্ৰফী; অংশগ্ৰহণ কৰিব ৫৬০০ ফুটবলাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2024 9:46 am

সলনি হ’ব বৰদলৈ ট্ৰফীৰ ৰেহৰূপ। দেশৰ অন্যতম পুৰণি আৰু জনপ্ৰিয় ফুটবল প্ৰতিযোগিতাখনৰ পৰিসৰ বৃদ্ধি পাব। তিনিমাহ ধৰি চলিব এই প্ৰতিযোগিতা। গুৱাহাটী ক্ৰীড়া সন্থাৰ (জিএছএ) কৰ্মকৰ্তাসকলে পূৰ্বৰ জনপ্ৰিয়তা ঘূৰাই অনাৰ বাবে এনে সিদ্ধান্ত লৈছে।

অহা জানুৱাৰী মাহত অনুষ্ঠিত হ’ব বৰদলৈ ট্ৰফী। ১৯৫২ চনৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত এইবাৰ মুঠ ৬১০খন খেল অনুষ্ঠিত হ’ব। ৫৬০০ ফুটবলাৰে অংশগ্ৰহণৰ সুযোগ পাব।

জি এছ এৰ সম্পাদক দেৱজিৎ শইকীয়াই এক সংবাদমেলত কয়, ‘৯০ৰ দশকৰ মাজভাগলৈকে বৰদলৈ ট্ৰফী এখন অতি জনপ্ৰিয় প্ৰতিযোগিতা আছিল। এই প্ৰতিযোগিতা কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূব ভাৰততে জনপ্ৰিয় আছিল। গোটেই বছৰটো মানুহে এই প্ৰতিযোগিতাখনৰ বাবে অপেক্ষা কৰিছিল।”

লগতে পঢ়কঃ বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ দল ঘোষণা; প্ৰথমবাৰ দেশৰ জাৰ্চিত মায়ংক যাদৱ, আছে ৰিয়ানো

এইবাৰ এই প্ৰতিযোগিতাত ২৮০ টা ক্লাবে অংশগ্ৰহণ কৰিব। ২০ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰাৰম্ভিক ৰাউণ্ডৰ মেচ। অসমৰ ৩৫খন জিলা মিলি একেলগে খেলিব। প্ৰতিখন জিলাৰ শীৰ্ষ আঠটা ক্লাবে যোগ্যতা অৰ্জন কৰিব। জিলাখনৰ শ্ৰেষ্ঠ ক্লাবে ক্লাষ্টাৰ পৰ্যায়ত খেলাৰ সুযোগ পাব। এই পৰ্যায়ৰ চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দলে প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰিব।