আজি অইল ইণ্ডিয়া আৰু বিদ্যুৎ পৰিষদৰ মাজত বৰদলৈ ট্ৰফীৰ ফাইনেল

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ৬৬ সংখ্যক ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ট্ৰফীৰ চূড়ান্ত মেচখন আজি অনুষ্ঠিত হ’ব।
ফাইনেলত মুখামুখি হ’ব অসম ৰাজ্যিক বিদুৎ পৰিষদ আৰু যোৱাবাৰৰ ৰানাৰ্ছ আপ দুলীয়াজানৰ অইল ইণ্ডিয়া এফ চি।
আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব ফাইনেলখন।
উল্লেখ্য যে পূৰ্বৰ চাৰিবাৰৰ চেম্পিয়ন বিদুৎ পৰিষদ আৰু পূৰ্বৰ তিনিবাৰৰ চেম্পিয়ন অইল ইণ্ডিয়া অন্তিমবাৰ ফাইনেলত মুখামুখি হৈছিল ২০০৮ চনত। সেইবাৰ অইলে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল।
চলিত বৰদলৈ ট্ৰফীৰ ছেমি ফাইনেলত অইল ইণ্ডিয়াই শ্বিলঙৰ অসম ৰেজিমেণ্টেল চেণ্টাৰক পৰাস্ত কৰাৰ বিপৰীতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত বিদ্যুৎ পৰিষদে এফ চি গ্ৰীণভেলীক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে।