NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ বিশিষ্ট উদ্ভিদবিদ-শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেণ ব্ৰহ্মৰ দেহাৱসান

September 10, 2018 9:59 pm · ৰিনয় বসুমতাৰী
ফটো নর্থ-ইষ্ট নাও

উদ্ভিদবিদ, শিক্ষাবিদ তথা কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰফেছৰ ড০ বীৰেণ ব্ৰহ্ম (৭০)ই আজি বঙাইগাঁৱৰ নামনি অসম চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত ব্ৰহ্মই পত্নী, এগৰাকী কন্যা সন্তানৰ লগতে বহুতো গুণমুগ্ধক এই সংসাৰত এৰি থৈ যায়।

দীৰ্ঘদিনৰ পৰা মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা ব্ৰহ্মৰ তিনিদিন পূৰ্বে আকস্মিক ভাৱে স্বাস্থ্যৰ অৱনতি ঘটাত বঙাইগাঁৱৰ নামনি অসম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰু চিকিৎসাধীন অৱস্থাতে আজি ব্ৰহ্মই শেষ নিশ্বাস ত্যাগ কৰে।

২০০৫তে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ব্ৰহ্মই অৱসৰৰ পাছতো শিক্ষাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছিল। কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল ড০ বীৰেণ ব্ৰহ্ম।

ইয়াৰ উপৰি ব্ৰহ্মই বড়োলেণ্ড য়ুনিভাৰ্চিটিৰ উদ্ভিদ বিজ্ঞান বিভাগত অতিথি অধ্যাপক হিচাপে পাঠদান কৰিছিল। এজন শিক্ষাবিদ তথা উদ্ভিদবিদ হিচাপে ব্ৰহ্মই সমাজলৈ যথেষ্ট উল্লেখণীয় অৱদান আগবঢ়াই গৈছে।

উল্লেখযোগ্য যে উদ্ভিদবিদ, শিক্ষাবিদৰ উপৰি ব্ৰহ্ম এজন কণ্ঠশিল্পী হিচাপেও সমাজত পৰিচিত আছিল। তেওঁ অডিঅ’ এলবামতো কণ্ঠদান কৰি নিজৰ অনন্য প্ৰতিভাৰ উমান দি থৈ গৈছে।

ইফালে বিশিষ্ট শিক্ষাবিদ তথা উদ্ভিদবিদগৰাকীৰ নশ্বৰদেহ বড়োলেণ্ড য়ুনিভাৰ্চিটি আৰু কোকৰাঝাৰ চৰকাৰী মহবিদ্যালয়লৈ লৈ অনা হয় আৰু তাতে অসংখ্য গুণমুগ্ধই ব্ৰহ্মক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ইয়াৰ পাছতে অসংখ্য গুণমুগ্ধৰ উপস্থিতিত বিয়লি ড০ বীৰেণ ব্ৰহ্মৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

Related News