NORTHEAST NOW (Assamese)

আক্ৰমণাত্মক প্ৰদৰ্শনেৰে কাজাখাস্তানত পদক নিশ্চিত কৰিলে শিৱ থাপাই

July 20, 2019 11:31 am · এন ই নাও নিউজ
শিৱ থাপা ফাইল ফটো

কাজাখাস্তানৰ আস্তানত অনুষ্ঠিত হৈ থকা প্ৰেছিডেন্স কাপ বক্সিং টুৰ্নামেণ্টত চমকপ্ৰদ প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ তাৰকা বক্সাৰ তথা অসম সন্তান শিৱ থাপাই।

প্ৰতিযোগিতাখনত বক্সিং কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৬৩ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰা শিৱ থাপাই শুকুৰবাৰে ছেমিফাইনেলত কিৰ্গিস্তানৰ আৰ্গান কাদিৰিবেকুলুক ৪-১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে।

শিৱ থাপাৰ আক্ৰমণাত্মক খেলৰ সন্মুখত কোনোধৰণৰ প্ৰত্যাহবানে আগবঢ়াবলৈ সক্ষম নহ’ল কিৰ্গিস্তানৰ বক্সাৰগৰাকীয়ে।

প্ৰতিযোগিতাখনত ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰা শিৱ থাপাৰ এইটো ৬৩ কেজি শাখাৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক হ’ব।

শিৱ থাপাই ফাইনেলত প্ৰবেশ কৰি পদক নিশ্চিত কৰিলেও ভাৰতৰ আন এগৰাকী তাৰকা বক্সাৰ অমিত পংগালে ৫২ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা পদক অবিহনে বিদায় মাগে।

উল্লেখযোগ্য যে,  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত বিগত সময়ছোৱাত সন্তোষজনক প্ৰদৰ্শন অব্যাহত ৰাখিছে বক্সাৰ শিৱ থাপাই।

আনহাতে, ফাইনেলত প্ৰৱেশ কৰি আনন্দিত বুলি খেলুৱৈগৰাকীয়ে উল্লেখ কৰে যদিও ফাইনেলত জয়ী হোৱাটোহে তেওঁৰ মূল লক্ষ্য বুলি কয় অসম সন্তানগৰাকীয়ে।

Related News