NORTHEAST NOW (Assamese)
অসম

ঘৰৰ মাটিত সোণ জয় কৰাৰ লক্ষ্য শিৱৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2019 2:35 pm
shiva-thapa-robeisy-ramirez_16f0f5a8-74e3-11e7-a55a-ab3ca1304be3

অহা ২০ মে’ৰ পৰা গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া অ’পেন ২০১৯ প্ৰতিযোগিতালৈ সাজু হৈছে অসমৰ তাৰকা বক্সাৰ শিৱ থাপা।

ঘৰুৱা দৰ্শকৰ উপস্থিতিত আৰু ঘৰুৱা পৰিবেশত ৬০ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া শিৱই সোণৰ পদক দখল কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাসী হৈ আছে।

প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিৱই বিগত এছিয়ান চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ পদকৰ ৰং সলনি কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মন্তব্য কৰে।

‘এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক বেছি দূৰত নাছিল, প্ৰতিগৰাকী বক্সাৰে সোণ জয় কৰিবলৈ বিচাৰে আৰু সেই সপোন ঘৰৰ মাটিত পুৰণ হ’লে আৰু অধিক সোণত সুৱগা চৰে’ শিৱই কয়।

উ্ল্লেখযোগ্য যে, বেংকতত অলপতে প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ হিচাপে এছিয়ান চেম্পিয়নশ্বিপত চতুৰ্থবাৰৰ বাবে পদক দখল কৰি  ইতিহাস গঢ়িবলৈ সক্ষম হোৱা শিৱই বিশ্ব চেম্পিয়নশ্বিপ, অলিম্পিক কোৱালিফায়াৰত ভাল ফলাফল কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাসী হৈ আছে।