NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ শংকৰদেৱ বিশ্ববিদ্যালয়ত ৩ দিনীয়া যোগ কৰ্মশালাৰ আয়োজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2019 4:59 pm

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, গুৱাহাটী কেম্পাছৰ ‘যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা’ বিভাগে অহা ২৪মে’ৰ পৰা ২৬ মে’লৈ এখন তিনিদিনীয়া কৰ্মশালা আয়োজন কৰিছে।

যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ অধ্যক্ষ তথা কৰ্মশালা আয়োজক সমিতিৰ সভাপতিগৰাকীয়ে এখন প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া মতে শংকৰদেৱ বিশ্ববিদ্যালয় গুৱাহাটী কেম্পাছতে কৰ্মাশালাখন অনুষ্ঠিত হ’ব।

এই উপলক্ষে ২৪ আৰু ২৫ মে’ৰ কৰ্মশালাৰ বিষয় হৈছে ‘আয়ূৰ্বেদিক এণ্ড চ্যুজ’ক এক্যুৰ্পেচাৰ’ আৰু ২৬ মে’ৰ কৰ্মশালাখনিৰ বিষয় হ’ল ‘প্ৰাণিক হিলিং’। কৰ্মশালাখনিত উপস্থিত থাকিব হৰিদ্বাৰৰ পৰা অহা বিশেষজ্ঞদ্বয় ডাঃ অমৃত গুৰভেণ্ড আৰু ডাঃ গায়ত্ৰী গুৰভেণ্ড।

কৰ্মশালাখনিত অংশগ্ৰহণৰ বাবে পঞ্জীয়ণৰ মাচুল ১০০ টকা। অধিক তথ্য জানিবৰ বাবে যোগাযোগৰ ঠিকনা- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, গুৱাহাটী কেম্পাছ, ৰূপনগৰ। নতুবা লগ ইন কৰক www.mssv.co.in ত।