NORTHEAST NOW (Assamese)
অসম

কমাৰবন্ধা আৰক্ষীৰ জালত এন এছ চি এনৰ দুই লিংকমেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2019 5:07 pm

গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষীয়ে শুকুৰবাৰে নিশা এক অভিযান চলাই উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ দুজনকৈ লিংকমেনক আটক কৰিবলৈ সক্ষম হয়।আটকাধীন লিংকমেন দুনজক আৰক্ষীয়ে ক্ৰমে ইয়নভি ফেনেভ টেংছেং(৪৭) আৰু কে কে হংবা (৪৪) বুলি চিনাক্ত কৰিছে।

ঘটনাৰ বিৱৰণি মতে কমাৰবন্ধা আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত তালাচী অভিযান চলাই নাগালেণ্ড ৰাজ্যিক পৰিবহণ নিগমৰ এনএল ১১-২৭৬৯ নম্বৰৰ এখন বাছৰ পৰা দুয়োজনকে আটক কৰিবলৈ সক্ষম হয়। বাছখন নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মৰিয়নিলৈ আহিছিল।

আৰক্ষীয়ে আটকাধীন এন এছ চি এনৰ লিংকমেন দুজনৰ পৰা দুটা পইণ্ট ২ পিষ্টল আৰু ৬ জাঁই সক্ৰিয় গুলীও উদ্ধাৰ কৰে।