NORTHEAST NOW (Assamese)
অসম

স্বপ্নভংগ! প্ৰি কোৱাৰ্টাৰত পৰাজিত হৈ টকিঅ’ অলিম্পিকৰ পৰা বিদায় ল’লে মেৰীকমে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2021 4:51 pm

টকিঅ’ অলিম্পিকত পৰাজিত হ’ল মেৰীকম। প্ৰতিযোগিতাত ৫১কেজি শাখাত অংশগ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে।

মেৰীকমৰ পৰাজয়ে আজি ১৩০ কোটি ভাৰতীয় আশাভংগ কৰিলে।

মহিলাৰ বক্সিঙৰ প্ৰি কোৱাৰ্টাৰৰ ফাইনেলত মেৰীকম কলম্বিয়াৰ তৃতীয় ৰেংকিঙৰ ইনগ্ৰিট ভেলেন্সিয়াৰ হাতত পৰাজিত হয়।

আজি প্ৰথমৰ পৰাই কঠিন যুঁজত অৱতীৰ্ণ হৈছিল মেৰীকম। কিন্তু শেষ পৰ্যন্ত মেৰীকমে শ্লিট ডিচিছনত ৩-২ব্যৱধানত পৰাজিত হয়।

ভাৰতৰ মহান বক্সাৰ গৰাকীৰ এয়া আছিল দ্বিতীয় অলিম্পিক। ইয়াৰ পূৰ্বৰ অৰ্থাৎ ২০১৬ ৰিঅ’ অলিম্পিকত যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল মেৰীকম।

মেৰীকমে প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশ লৈছিল ২০১২ত। লণ্ডনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত মেৰীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ইপিনে, পৰাজিত হ’লেও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে টুইট কৰি মেৰীকমক ‘তুমি সদায়ে এগৰাকী বিজেতা’ বুলি অভিহিত কৰিছে। সমগ্ৰ দেশেই তেওঁক লৈ গৰ্বিত বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।