NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আন্ত:ৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন

Posted by: পার্শ্বজোতি গগৈ May 13, 2019 6:24 am
IMG-20190512-WA0000

সমগ্ৰ বিশ্বৰ লগতে দেওবাৰে শিৱসাগৰতো আন্ত:ৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন কৰা হয়। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ লগতে, প্ৰগতি নাৰ্চিং হোম, শৰ্মা নাৰ্চিং হোম আৰু আন আন ব্যক্তিগত চিকিৎসালয়তো আন্ত:ৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন কৰা হয়।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰিচাৰিকা সকলৰ উদ্যোগত  চিকিৎসালয়ৰ চৌহদত আন্ত:ৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি চিকিৎসালয়খনৰ পৰিচাৰিকা সকলে ৰোগী সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ ৰঞ্জিত হাজৰিকা, আমছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ডাঃ ৰূপম বৰকাকতি, ডাঃ বিশ্বজিৎ দত্ত উপস্থিত থকাৰ লগতে চিকিৎসালয়খনৰ চিকিৎসক, পৰিচাৰিকা তথা কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ মুখ্য পৰিচাৰিকা জ্যোতিকা গগৈয়ে ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰাৰ লগতে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰে আৰু আন্তৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ তাপৰ্য্য ব্যাখা কৰে।