NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা ফানেং গাঁৱৰ পৰা সন্ধানহীন যুৱক, আলফাত যোগদানৰ সন্দেহ

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা November 26, 2021 5:07 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ২নং ফানেং গাঁৱত চাঞ্চল্য । সোমাবাৰ পৰা সন্ধানহীন বিতোপন বৰা নামৰ এজন যুৱক । আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছ  পৰিয়ালৰ লোকে।

শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ আলফা স্বাধীনত যোগদান কৰিবলৈ ঢাপলি মেলাৰ বাতৰি প্ৰকাশ পাই থকাৰ সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ২নং ফানেং গাঁও নিবাসী ললিত বৰাৰ পুত্ৰ বিতোপন বৰা (২০) নামৰ যুৱক জন যোৱা সোমবাৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

উল্লেখযোগ্য যে যোৱা সোমবাৰে যুৱক জন জাগুন বজাৰলৈ এটা বেগ কিনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।

তাৰ পাছত ঘৰলৈ ঘূৰি আহি সন্ধিয়া প্ৰায় ৫ মান বজাত বিতোপনে দদাইয়েকৰ পৰা গৰম টুপী লৈ ঘৰৰ পৰা ওলাই যায় ।

তাৰ পাছৰে পৰা আজি পৰ্যন্ত কোনো খা খবৰ পোৱা হোৱা নাই যুৱক জনৰ ।

শেষত পৰিয়ালৰ লোকে জাগুন আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যুৱকজনৰ সন্দৰ্ভত নিৰুদ্দেশ সন্দৰ্ভত ।

যুৱকজনৰ সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীও কোনো তথ্য সদৰী কৰিবলৈ সক্ষম হোৱা নাই।পৰিয়ালৰ মতে যুৱক জন যদি কেনেবাকৈ ভুলবশতঃ আলফা স্বাধীনত যোগদান কৰিছে তেন্তে সোনকালে সুস্থ শৰীৰে নিজ গৃহলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে মাতৃয়ে ।

লগতে মাতৃয়ে পুত্ৰ যদি আৰফালৈ গৈছে তেন্তে তেওঁক ঘৰলৈ ঘূৰাই পঠিয়াব পৰেশ বৰুৱালৈও কাতৰ আহ্বান জনাইছে।