NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত চোৰাং কাঠভৰ্তি বাহন জব্দ, উদ্ধাৰ মূল্যৱান কাঠ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 26, 2021 5:25 pm
Assam

কলিয়াবৰৰ শালনা আঞ্চলিক বন বিভাগৰ অভিযানত জব্দ হৈছে দুখনকৈ চোৰাং কাঠ ভৰ্তি বাহন।

শুকুৰবাৰে পুৱা শালনা আৰক্ষী চকীৰ অন্তৰ্গত আমলখিৰ পৰা জব্দ হয় কাঠ ভৰ্তি বাহন দুখন। শালনা আৰক্ষীৰ সহযোগত শালনাৰ বনাঞ্চলিক বিষয়া নেপাল মণ্ডলে জব্দ কৰে বাহন দুখন।

দুয়োখন বাহনত লক্ষাধিক টকাৰ চোৰাং কাঠ অবৈধ ভাৱে কঢ়িয়াই আনিছিল চোৰাং কাঠ ব্যৱসায়ী চক্ৰই। জব্দকৃত এখন বাহনৰ নম্বৰ AS 02E 3919 আৰু আনখন বাহন পঞ্জীয়ন নম্বৰ বিহীন।

উল্লেখ্য যে, চোৰাং কাঠ ভৰ্তি “মা” নামৰ পিকআপ ভান খনত লগোৱা আছিল চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পাছ।

আৰক্ষীৰ সহযোগত চোৰাং কাঠ ভৰ্তি বাহন দুখন বন বিভাগে জব্দ কৰে যদিও কাঠ সৰবৰাহত জৰিত কোনো লোক আটক হোৱা নাই।