NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিক ‘নক্সাল’ৰ সৈতে তুলনা চি পি আই এমৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2019 10:56 pm

‘নক্সাল’ৰ আৰ্হিত ত্ৰিপুৰাত শাসনাধিষ্ঠ বিজেপিয়ে বিৰোধী পক্ষৰ ভোটাৰসকলক ভোটদান নকৰিবৰ বাবে ভাবুকি দিয়াৰ অভিযোগ আনিছে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল চি পি আই এমে।

আজি আগৰতলাত এখন সংবাদমেল সম্বোধন কৰি চি পি আই এমৰ ৰাজ্যিক সম্পাদক আৰু মুখপাত্ৰ গৌতম দাসে বৰ্তমানৰ সাংসদ তথা দলটোৰ পশ্চিম ত্ৰিপুৰা সমষ্টিৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ দত্তৰ উপস্থিতিত উক্ত অভিযোগ আনে।

সংবাদমেলৰ ছবি

উল্লেখযোগ্য যে আজি ৰাজ্যখনৰ ১৬৮ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ সম্পন্ন হয়। ভোটগ্ৰহণ পৰ্ব সম্পূৰ্ণ হোৱাৰ পিছতে আয়োজন কৰা উক্ত সংবাদমেলৰ জৰিয়তে দাসে অভিযোগ আনে যে পুনৰ ভোটগ্ৰহণৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা বিজেপিৰ সমৰ্থকসকলে বিপক্ষৰ ভোটাৰসকলক বিশেষকৈ চি পি আই এমৰ কেডাৰসকলক ভোট দিবলৈ নাহিবৰ বাবে ভাবুকি দি আহিছিল।

তেওঁ কয় যে আজিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত আগৰবাৰৰ তুলনাত প্ৰায় ১০ শতাংশ কম ভোটাৰে ভোটদান কৰে, কিয়নো বহু ভোটাৰ ভয়তে ভোট দিবলৈ ওলাই নাহিল।

ত্ৰিপুৰাত আজি আৱেলি ৫ বজালৈকে হোৱা পুনৰ ভোটগ্ৰহণত ৭২.৩২ শতাংশ ভোটদান হয়।