NORTHEAST NOW (Assamese)
অসম

আত্মহত্যাৰ প্ৰেতাত্মাৰ গ্ৰাসত প্ৰযুক্তিকেন্দ্ৰ আই আই টি গুৱাহাটী!

Posted by: এন ই নাও নিউজ September 12, 2018 4:56 pm
iit guwahati suicide

আত্মহত্যাৰ ভূতে পিছ নেৰা হৈছে আই আই টি গুৱাহাটীৰ। যোৱা মাহত এজন কৰ্মচাৰীৰ আত্মহত্যাৰ পিছত শিক্ষানুষ্ঠানখনত বুধবাৰে ডিঙিত ছিপ লৈ ‘আত্মহত্যা’ কৰিছে বি টেক ১ম বৰ্ষত পঢ়ি থকা কৰ্নাটকৰ ছাত্ৰী নাগাশ্ৰী আইথালে।

মেকানিকেল এঞ্জিনিয়াৰিঙৰ ছাত্ৰী আইথাল শিক্ষানুষ্ঠানখনৰ ধনশিৰী হ’ষ্টেলৰ আৱাসী আছিল।

আইথালৰ সৈতে একেটা কোঠাতে বাস কৰা আনগৰাকী ছাত্ৰী ৰাতিপুৱাৰ শ্ৰেণীলৈ যোৱাৰ পিছতে ছাত্ৰীগৰাকীয়ে চিলিং ফেনত ফাঁচ লৈ আত্মহত্যা কৰে বুলি অভিযোগ উঠিছে।

আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত চলাই আছে।

যোৱা মাহত আই আই টি খনত ঠিকা ভিত্তিত ৰান্ধনি হিচাপে কৰ্মৰত বাইহাটা চাৰিআলিৰ কিশোৰ বৰুৱা নামৰ যুৱক এজনে চিলিং ফেনত ফাঁচ লৈ আত্মহত্যা কৰিছিল।

আই আই টিখনত অধ্যয়নৰত কেইবাজনো ছাত্ৰই ইয়াৰ পূৰ্বে ফাঁচ লগাই বা ওখ বিল্দিঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ঘটনা ঘটিছিল।

আই আই টি গুৱাহাটীত এতিয়ালৈকে অতি কমেও ৬টা আত্মহত্যাৰ গোচৰ ৰুজু হৈছে।