NORTHEAST NOW (Assamese)

টুইটাৰ ট্ৰেণ্ডৰ শীৰ্ষত “বয়কট পতঞ্জলি প্ৰডাক্টছ”; প্ৰডাক্টৰ লগতে ৰামদেৱকো তুলধূনা

November 16, 2019 9:38 pm · এন ই নাও নিউজ
Updated: November 16, 2019 9:40 pm
প্ৰতিনিধিত্বমূলক ছবি। উৎস : ইণ্টাৰনেট।

টুইটাৰ ট্ৰেণ্ডৰ ভাৰতীয় শিতানত আজি ৰামদেৱৰ পতঞ্জলি সামগ্ৰী বৰ্জন কৰি আহ্বান জনাই সৃষ্টি কৰা এটা হেছটেগ #BoycottPatanjaliProducts শীৰ্ষৰ ফালে চলি থকা দেখা গৈছে।

যোগগুৰুজনৰ মালিকানাধীন পতঞ্জলি কোম্পানিটোৰ দ্বাৰা উৎপাদিত সামগ্ৰীবোৰ কিমান ভুৱা আৰু নকলী তাৰ অনেক বিৱৰণ আৰু মন্তব্য, ছবি আদি টুইটাৰ য়ুজাৰসকলে ব্যাপক হাৰত শ্বেয়াৰ কৰা দেখা গৈছে।

য়ুজাৰসকলে এই হেছটেগৰ অধীনত কেৱল কোম্পানিটোৰ সামগ্ৰীৰে নহয়, ৰামদেৱৰো বিভিন্ন সাম্প্ৰদায়িক, ঘৃণাবাহক মন্তব্যবোৰক টানি অনা দেখা গৈছে।

তেওঁ জনজাতীয় লোকৰ বিৰুদ্ধে কৰা বিদ্বেষমূলক মন্তব্য, ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে কৰা মন্তব্য, মিছা দাবী, মিছা তথ্যৰ প্ৰচাৰ আদি কাৰ্য্যক ইতিকিং কৰা হৈছে।

https://twitter.com/ambedkariteIND/status/1195723601854337024

এজনে হেছটেগটো ব্যৱহাৰ কৰি কৈছে, “বৰ্জন কৰিব লাগে এইবাবে যে কানিয়া ৰামদেৱে আমাৰ বহুজন মূল নিৱাসী আন্দোলন আৰু পেৰিয়াৰক বিদ্ৰূপ কৰিছিল আৰু সংগঠনটোক সন্ত্ৰাসবাদী সংগঠন বুলি কৈছিল।”

পতঞ্জলিৰ সামগ্ৰী খাই পৰিয়ালটো অসুস্থ হৈ পৰা বুলি দাবী কৰি আন এজনৰ মন্তব্য, “নিশ্চিতভাৱে এইজনৰ প্ৰডাক্তবোৰ নিষিদ্ধ কৰিব লাগে। দুবছৰ পূৰ্বেই নিষিদ্ধ কৰিব লাগিছিল। মই সকলোকে এইটো বৰ্জন কৰিবলৈ কওঁ”।

“Yes he cheats and his honey is horrible” আন এজনৰ মন্তব্য।

এখন প্ৰাসংগিক ছবিৰ সৈতে এজন য়ুজাৰৰ মন্তব্য, “Sugar crystals being sold in the name of honey. Stop fooling innocent ppl merely 4 ur financial gains.”

পতঞ্জলি আয়ুৰ্বেদ লিমিটেড নামৰ ৰামদেৱৰ এই কোম্পানিটো ২০০৬ চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ বৰ্তমানৰ মূলধনৰ পৰিমাণ ৪ হাজাৰ কোটি টকাৰো বেছি।

Related News