NORTHEAST NOW (Assamese)

‘বিজেপিক মইহে জীয়াই ৰাখিছিলো অসমত, এতিয়া কেনেকৈ জীয়াই থাকিব?’; হাগ্ৰামা মহিলাৰী

February 28, 2021 2:00 pm · কল্পজ্যোতি শইকীয়া
Updated: February 28, 2021 2:31 pm

গুৱাহাটীৰ হোটেল চিগনেটত একেখন মঞ্চতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰে কংগ্ৰেছ মহাজোঁটে আজি এক সংবাদমেল সম্বোধন কৰে।

উক্ত সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে বিজেপিক সমালোচনা কৰি কয় “বিজেপি দিনৰ শাসনত অসমৰ পৰিৱেশ ৰাইজে বিচৰা ধৰণে হোৱা নাই। অসম বচাবলৈ প্ৰয়োজনীয় অসমৰ সাংবিধানিক অধিকাৰ বিজেপিয়ে দিব পৰা নাই। সেয়েহে কংগ্ৰেছৰ মহাজোঁটত চামিল হ’লো।”

“মহাজোঁটত থাকি আমি চৰকাৰ গঠন কৰিমেই।” বুলি দাবী কৰি তেওঁ লগতে কয় “অসমৰ পৰা বিজেপিক বাহিৰ কৰিব লাগিব। বিজেপিক মইহে জীয়াই ৰাখিছোঁ অসমত, এতিয়া কেনেকৈ জীয়াই থাকিব?”

অসমত কংগ্ৰেছ মহাজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিম বুলি দৃঢ় বিশ্বাস বুলি তেওঁ সদৰী কৰে।

তেওঁ আৰু কয় “চৰকাৰ গঠন কৰিবলৈ ৬৪ লাগে, আমি বেছি নাৰাখো ৭০ ৰাখিম। বিজেপিয়ে ১০০+ কৰি দেখাওক না, এইবোৰ তেওঁলোকৰ ডাইলগ।”

“হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা আমি ধাৰ কৰি কিডনেপ কৰি চৰকাৰ নবনাও।” বুলি উল্লেখ কৰি তেওঁ লগতে কয় “সংবাদমাধ্যমে আমাক গুৰুত্ত্ব দিয়ক, বিজেপিক ইমান গুৰুত্ত্ব দিব নালাগে।”

আনহাতে উক্ত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় “মহাজোঁটৰ দুৱাৰ এতিয়াও খোলা আছে।”

ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান ৰিপুন বৰাৰ।

তেওঁ লগতে কয় “সাম্প্ৰদায়িক বিজেপিৰ পৰা অসমক মুক্ত কৰিব লাগিব, সংবিধান ৰক্ষা কৰিব লাগিব। বিজেপিৰ ভুল নীতিৰ বাবে অসমৰ অৰ্থনীতি বিধ্বস্ত। সেয়া পুনৰাই ঘূৰাই আনিব লাগিব। প্ৰগতি অসম ঘূৰাই আনিবলৈ এনেদৰে বিৰোধী শক্তি একত্ৰিত হৈছে।”

Related News