NORTHEAST NOW (Assamese)

ৰাজ্যসভাত CAB সমৰ্থন কৰি উদাত্ত ভাষণ বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ

December 11, 2019 5:52 pm · এন ই নাও নিউজ
বিশ্বজিৎ দৈমাৰী

ৰাজ্য সভাত আজি উত্থাপিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

বিধেয়েকখনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি দৈমাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কে কোনোধৰণৰ ভাষা, সংস্কৃতিলৈ সংকত নমাই নানে বুলি মন্তব্য কৰে।

নাগৰিকত্ব বিধেয়কৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলগীয়া লোকসকলে বিদেশৰ মাটিতো নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰি চলিছে বুলি উল্লেখ কৰি ইয়াতো তেওঁলোকে আনৰ ক্ষতি নোহোৱাকৈ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব বুলি মন্তব্য কৰে দৈমাৰীয়ে।

আনহাতে, বিধেয়কখনতকৈও অসমৰ বাবে অসম চুক্তিৰ ৬ নং দফাহে বেছি গুৰুত্বপূৰ্ণ বুলি সাংসদ গৰাকীয়ে কয়।

তদুপৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দৈমাৰীয়ে ষষ্ঠ অনুসূচী অঞ্চল, ইনাৰ লাইন পাৰ্মিট থকা অঞ্চলসমূহক এই বিধেয়কৰ বাহিৰত ৰখা বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ বাবে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ বি পি এফৰ সাংসদ গৰাকীয়ে বিধেয়কখনক সমৰ্থন কৰা কাৰ্য্যই তেওঁলোকৰ ৰাজনৈতিক স্থিতি স্পষ্ট কৰিলে।

Related News