NORTHEAST NOW (Assamese)

কিয় হাৰিল বিপিএফৰ তিনি শক্তিশালী প্ৰাৰ্থী? কোকৰাঝাৰত আজি পৰ্যালোচনা বৈঠক

May 3, 2021 11:07 am · ৰিনয় বসুমতাৰী

অসম বিধানসভা নিৰ্বাচনত এইবাৰ বিটিআৰৰ নিৰ্বাচনী অংকত বহু ওলোট-পলট হোৱা পৰিলক্ষিতি হ’ল।

বিটিআৰৰ মহা প্ৰতাপী হাগ্ৰামা মহিলাৰীৰ দুৰ্গত এইবাৰ বাৰুকৈয়ে আঘাত হানিলে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে।

ইউপিপিএলে এইবাৰৰ নিৰ্বাচনত ৬ খন আসন লাভ কৰাৰ বিপৰীতে বিপিএফে লাভ কৰিবলৈ সক্ষম হৈছে মাত্ৰ ৪ খন আসন।

কেৱল সেয়াই নহয়, এইবেলি নিৰ্বাচনত ধৰাশায়ী হৈ বিপিএফৰ তিনি প্ৰক্ৰমী নেতা তথা নেত্ৰী।

এনে সময়তে পশ্চিম কোকৰাঝাৰ বিধান সভা সমষ্টিৰ পৰা বিপুল ভোটত বিজয়ী হোৱা বি পি এফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে নিৰ্বাচন সন্দৰ্ভত নিজৰ  প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

পুনৰ নিৰ্বাচিত কৰা বাবে সমষ্টিবাসী ৰাইজক তেওঁ অশেষ ধন্যবাদ জ্ঞাপন ।

বি পি এফৰ তিনিগৰাকী শক্তিশালী নেতা ক্ৰমে প্ৰমিলা ৰাণী ব্ৰহ্ম, ৰিহন দৈমাৰী আৰু চন্দন ব্ৰহ্ম পৰাস্ত হোৱাৰ আৰত কি আছে ?

আজি কোকৰাঝাৰ চহৰস্থিত গৌৰাং ভেলি হোটেলত পৰ্যালোচনা বৈঠক  অনুষ্ঠিত হব বুলি নৰ্জাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

উক্ত বৈঠকত অংশ লব বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী, বিজয়ী প্ৰাৰ্থী আৰু দলীয় কৰ্মকৰ্তাসকল।

Related News