NORTHEAST NOW (Assamese)
অসম

এহাজাৰতকৈয়ো অধিক চলচ্চিত্ৰত অভিনয়েৰে গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰা অভিনেতা ব্ৰহ্মানন্দম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 1, 2020 11:34 am
dc-Cover-t9iveh1ulspbk8e02bsmjo9vv0-20180608235715.Medi

বলীউদৰ সমান্তৰালকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰয়ো ভাৰতত বিশেষ জনপ্ৰিয়তা লাভ কৰি আহিছে। সকলোৱে কোনো নহয় কোনো এখন দাক্ষিণ্যত্যৰ ছবি নিশ্চয় চাইছে।

দক্ষিণৰ ছবিৰ অভিনেতাসকলৰ ভিতৰত কামাল হাছান, ৰজনীকান্ত, চিৰঞ্জীৱ, নাগাৰ্জুন, প্ৰভু দেবা,মামুঠিকে ধৰি বৰ্তমানৰ প্ৰভাস, মহেশ বাবু আদি দেশৰ সকলো প্ৰান্তৰ দৰ্শকৰে একোখন পৰিচিত মুখ হৈ পৰিছে।

দক্ষিণৰ ছবিৰ এজন অভিনেতা সকলোৰে পৰিচিত হৈ পৰিছে। তেওঁৰ নাম ব্ৰহ্মানন্দম। ব্ৰহ্মানন্দম তেলেগু ছবিৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আৰু তেওঁক প্ৰায়বোৰ তেলেগু ছবিতে দেখা যায়।

কোনোবাই তেলেগু চিনেমা চাওক বা নাচাওক ব্ৰহ্মনন্দমক অৱশ্যেই দেখিছে।

১ ফেব্ৰুৱাৰিত ব্ৰহ্মানন্দমৰ ৬৩ সংখ্যক জন্মদিন। জন্মদিনৰ দিনটোত ছচিয়েল মিডিয়াত ট্ৰেণ্ডত আছে অভিনেতাগৰাকী। অনুৰাগীসকলে তেওঁক জন্মদিনৰ শুভেচ্ছাৰে ওপচাই পেলাইছে।

১৯৮৭ চনত চলচ্চিত্ৰ জগতত ভুমুকি মৰা ব্ৰহ্মানন্দমে বৰ্তমানলৈকে ১,০০০তকৈয়ো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।

ব্ৰহ্মানন্দমক দক্ষিণৰ সকলো ছুপাৰষ্টাৰৰ সৈতে অভিনয় কৰা দেখা গৈছে। তেওঁ তেলেগুৰ লগতে কানাড়া আৰু তামিল চলচ্চিত্ৰতো অভিনয় কৰিছে।

ব্ৰহ্মানন্দমক তেওঁৰ সুন্দৰ কমেডি অভিনয়ৰ বাবে সকলোৱে মনত ৰাখিছে।

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢোৱা বৰঙণিৰ বাবে ব্ৰহ্মানন্দমক ২০১৯ বৰ্ষত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে।

ব্ৰহ্মানন্দমে জীৱিত কালত আটাইতকৈ বেছি চলচ্চিত্ৰত অভিনয় কৰাৰ বিশ্ব ৰেকৰ্ডৰে গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিছে।

অন্ধ্ৰ প্ৰদেশত জন্ম গ্ৰহণ কৰা ব্ৰহ্মানন্দমৰ  পত্নীৰ নাম লক্ষ্মী আৰু তেওঁৰ দুগৰাকী পুত্ৰ হৈছে ৰাজাগৌতম আৰু সিদ্ধাৰ্থ।