NORTHEAST NOW (Assamese)

ভাৰতৰ পৰা ২ নিযুত কোভিশ্বিল্ড ভেকচিন বিচাৰিলে ব্ৰাজিলে, প্ৰধামন্ত্ৰী মোদীলৈ লিখিলে পত্ৰ

January 10, 2021 12:54 pm · এন ই নাও নিউজ

১৬ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হ’ব কোভিড ভেকচিন প্ৰদানৰ কাম।

এই ক্ষেত্ৰত চৰকাৰে যাৱতীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে।

এনে সময়তে ব্ৰাজিলেও ভাৰতৰ পৰা কোভিশ্বিল্ড ভেকচিন বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি  জেইৰ বলছোনাৰোই মোদীলৈ লিখা পত্ৰত দুই নিযুত কোভিশ্বিল্ড ভেকচিন  ব্ৰাজিলক প্ৰদান কৰিবলৈ টানি অনুৰোধ জনাইছে।

পুনেস্থিত ছেৰাম ইনষ্টিটিউটে অক্সফোৰ্ডৰ কোভিশ্বিল্ড ভেকচিন উৎপাদন কৰাৰ অনুমতি লাভ কৰিছে।

ভাৰতত ইতিমধ্যে বিশেষজ্ঞ সমিতিৰ পিছত ভাৰতৰ ঔষধ নিয়ন্ত্ৰকে কোভিশিল্ড আৰু কোভাক্সিন ভেকচিনৰ প্ৰয়োগত অমুমোদন জনাইছে।

DCGI-য়েও কোভিডৰ দুটাকৈ ভেকচিনত অনুমোদন জনোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে DCGI ক শুভেচ্ছা জ্ঞাপন কৰাৰ  লগতে এটা কোভিডৰ বিৰুদ্ধে চলাই থকা যুঁজ খনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰিছিল।

কোভিডৰ দুটাকৈ ভেকচিনৰ ব্যৱহাৰ ১৬ জানুৱাৰীৰ পৰা আনুষ্ঠানিক ভাবে আৰমভ হ’ব।

উল্লেখ্য শেহতীয়াকৈ কোভিশিল্ডৰ পাছত দেশত কোভাক্সিনেও লাভ কৰিছে অনুমোদন।

চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড ক’ন্ত্ৰ’ল অৰ্গেনাইজেশ্যনে জৰুৰী ব্যৱহাৰৰ বাবে ভাৰত বায়’টেকৰ কোভাক্সিনক সেউজ সংকেত দিছে আৰু ডিজিচিআইয়ে  এই ক্ষেত্ৰত  অনুমোদন দিয়ে।

আইচিএমআৰ আৰু হায়দৰাবাদৰ ভাৰত বায়’টেকৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা হৈছে এই ভেকচিন।

ভাৰতত এতিয়া চাৰিটা ভেকচিন প্ৰস্তুত হৈছে। সেইকেইটা হৈছে কোভিশিল্ড, কোভাক্সিন, জাইডাক কেডিলাৰ ZyCoV-D আৰু ৰাছিয়াৰ Sputnik-V।

Related News