NORTHEAST NOW (Assamese)

কোভিড-১৯ পজিটিভ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি

July 7, 2020 10:11 pm · এন ই নাও নিউজ
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লচ’নাৰোৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মঙলবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গৰাকীয়ে নিজেই তেওঁ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি জানিবলৈ দিয়ে।

শৰীৰত ক’ৰ’নাৰ লক্ষণে দেখা দিয়াৰ পাছত ৬৫ বছৰীয়া ৰাষ্ট্ৰপতি গৰাকীক সোমবাৰৰ পৰা চতুৰ্থ বাৰৰ বাবে পৰীক্ষা কৰা হয়।

উল্লেখযোগ্য যে, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ব’লচ’নাৰোৱে ক’ৰ’না প্ৰতিৰোধী ব্যৱস্থা সমূহ গ্ৰহণ নকৰা আৰু ইয়াক সাধাৰণ ফ্লু আখ্যা দিয়া বাবে নিজ দেশত তীব্ৰ সমালোচনাৰ সন্মুখিন হৈছিল।

সমগ্ৰ বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে ব্ৰাজিলত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ব্ৰাজিলত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই দহ লাখ অতিক্ৰম কৰিছে।

ৰাষ্ট্ৰপতি ব’লচ’নাৰোই ক’ৰ’নাক উপেক্ষা কৰাৰ বাবেই ব্ৰাজিলত ক’ৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে বুলি দেশৰ নাগৰিকে ৰাষ্ট্ৰপতি ব’লচ’নাৰোৰ পদত্যাগ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Related News