NORTHEAST NOW (Assamese)

দুঃখবৰ : অক্সফোৰ্ডৰ কোভিড ভেকচিন লৈ ব্ৰাজিলত মৃত্যু হৈছে এগৰাকী স্বেচ্ছাসেৱকৰ!

October 22, 2020 9:07 am · এন ই নাও নিউজ
Updated: October 22, 2020 9:36 am

ক’ৰ’ণাৰ আক্ৰমণত ত্ৰস্তমান সমগ্ৰ বিশ্ব। বিশ্বৰ প্ৰতিখন দেশৰ চিকৎসাবিজ্ঞানীয়ে কোভিড ভেকচিন প্ৰস্তুতৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে।

এই প্ৰচেষ্টাৰ ফলতে বিশ্বৰ কেবাখনো দেশত কোভিড ভেকচিন প্ৰস্তুত কৰি ক্লীনিকেল ট্ৰায়েল আৰম্ভ কৰাও হৈছে।

এই ভেকচিনসমূহৰ ভিতৰত ব্ৰিটেইনৰ অক্সফোৰ্ড কোভিডশ্বীল্ড নামৰ ভেকচিনটো আছিল আটাইতকৈ আশাব্যঞ্জক ভেকচিন।

ইতমিধ্যে ভেকচিনটো বিশ্বৰ বিভিন্ন দেশৰ স্বেচ্ছাসেৱকৰ শৰীৰত ক্লীনিকেল ট্ৰায়েল আৰম্ভ কৰা হৈছে।

বিশ্বৰ বৃহতম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ছুইডেনৰ আষ্ট্ৰাজেনেকাৰে অক্সফোৰ্ডৰ ভেকচিনটোৰ উৎপাদনৰ বাবে চুক্তিৱদ্ধ হৈছিল। প্ৰতিষ্ঠান দুটাৰ চেষ্টাতে ভেকচনিটো বিশ্বৰ বিভিন্ন দেশত ট্ৰায়েল সম্পন্ন কৰি থকা হৈছে।

কিন্তু এই অতি আশাব্যঞ্জক ভেকিনটোৱে এতিয়া বিশ্ববাসীৰ বাবে কঢ়িয়াই আনিছে দুঃখবৰ।

ভেকচনিটোৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ক্লীনিকেল ট্ৰায়েলত ব্ৰাজিলৰ এজন স্বেচ্ছাসেৱকৰ মৃত্যু ঘটিছে।

ব্ৰাজিলৰ ভেকচিনটোৰ ট্ৰায়েলৰ দায়িত্বত থকা কৰ্তৃপক্ষই জনাইছে যে ভেকচিনটো প্ৰয়োগ কৰাৰ পিছত এজন স্বেচ্ছাসেৱকৰ মৃত্যু হৈছে।

অৱশ্যে এই সম্পৰ্কীয় কোনো বিতং তথ্য এতিয়াও প্ৰকাশ কৰা নাই ব্ৰাজিল কৰ্তৃপক্ষই।

ব্ৰাজিলৰ চাও পাওলোৰ ফেডাৰেল বিশ্ববিদ্যালয়ে ব্ৰাজিলত ভেকচিনটো অন্তিম তথা তৃতীয়টো ক্লীনিকেল ট্ৰায়েলৰ তদাৰক কৰিছে। বিশ্ববিদ্যালয়খনেও ভেকচিন লৈ এজন স্বেচ্ছাসেৱক মৃত্যু হোৱাৰ কথা স্বীকাৰ কৰিছে।

অৱশ্যে ব্ৰাজিলৰ ক’ত আৰু কোন স্বেচ্ছাসেৱকৰ মৃত্যু হৈছে তাৰ সবিশেষ তথ্য চাও পাওলো ফেডাৰেল বিশ্ববিদ্যালয়েও প্ৰকাশ কৰা নাই। তেওঁলোকে কয় যে স্বেচ্ছাসেৱকজনৰ পৰিচয় প্ৰকাশ কৰা নহয়। অৱশ্যে মৃত স্বেচ্ছাসেৱকজনৰ বয়স ২৮ বছৰ আছিল বুলি জানিব পৰা গৈছিল।

ইফালে  ইয়াৰ পিছতো ব্ৰাজিল কৰ্তৃপক্ষই ব্ৰাজিলত ভেকচিনটোৰ ট্ৰায়েল অব্যহাত থাকিব বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অক্সফোৰ্ডৰ ভেকচিনটোৰ ট্ৰায়েলত ব্ৰিটেইনৰ এগৰাকী স্বেচ্ছাসেৱকৰ শৰীৰতো পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ইয়াৰ পিছতে ব্ৰিটেইন, ভাৰত, দক্ষিণ আফ্ৰিকা, আমেৰিকা আদি কৰি বহুকেইখন  দেশত ভেকচিনটোৰ ট্ৰায়েল স্থগিত ৰখা  হৈছিল।

আনহাতে আষ্ট্ৰাজেনেকাৰে দাবী কৰিছে যে মৃত স্বেচ্ছাসৱেকজন অক্সফোৰ্ডৰ ভেকচনিটো প্ৰয়োগ কৰা হোৱা নাছিল। অক্সফোৰ্ডেও দাবী কৰিছে যে এই ভেকচিনটো জীৱনঘাটক নহয়।

Related News