NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ ভেকচিন গ্ৰহণ নকৰো, সেয়া মোৰ অধিকাৰ; ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ বিস্ফোৰক মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2020 5:17 pm

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ ব’লছ’নাৰোৱে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক গ্ৰহণ নকৰে বুলি মন্তব্য কৰে।

ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক এবাৰ উপলব্ধ হোৱাৰ পাছতো ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই প্ৰতিষেধক গ্ৰহণ নকৰে আৰু সেয়া তেওঁৰ অধিকাৰ বুলি বৃহস্পতিবাৰে ব’লছ’নাৰোৱে সংবাদমাধ্যমৰ আগত কয়।

অক্টোবৰ মাহতো ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক সম্পৰ্কে তুলুঙা মন্তব্য প্ৰকাশ কৰি ক’ৰ’নাৰ প্ৰতিষেধক তেওঁৰ কুকুৰৰ হে প্ৰয়োজন হ’ব বুলি কৈছিল।

ব্ৰাজিলত প্ৰথম ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তো ৰাষ্ট্ৰপতি ব’লছ’নাৰোৱে ক’ৰ’না মহামাৰীক সাধাৰণ চৰ্দি, কাঁহৰ সৈতে তুলনা কৰি উপলুঙা কৰিছিল আৰু পৰৱৰ্তী সময়ত নিজেই ক’ৰ’না প’জিটিভ হ’বলগীয়া হৈছিল।

ব্ৰাজিলত ৰাষ্ট্ৰপতি ব’লছ’নাৰোৱে ক’ৰ’না নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতিৰ বাবে প্ৰতিবাদৰ সন্মুখিন হ’বলগীয়াও হৈছে।

উল্লেখযোগ্য যে, বিশ্বৰ ভিতৰত ব্ৰাজিল ক’ৰ’নাৰ সংক্ৰমণৰ ফলত তৃতীয় সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশ।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ পাছতে ব্ৰাজিলত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।