NORTHEAST NOW (Assamese)
Popular Stories

কৃষ্ণাংগ ব্যক্তিক বৰ্বৰভাৱে আক্ৰমণ আৰক্ষীৰ : বর্ণ বৈষম্যৰ বিৰুদ্ধে বিক্ষোভত উত্তাল ফ্ৰান্স

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2020 5:36 pm
paris

আমেৰিকাৰ পিছত এইবাৰ ফ্ৰান্সত বৰ্ণ বৈষম্য! এগৰাকী কৃষ্ণাংগ ব্যক্তিক ফৰাচী আৰক্ষীয়ে নিৰ্দয়ভাৱে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে কৃষ্ণাংগ নিৰ্যাতনৰ বিৰুদ্ধে বিক্ষোভত উত্তাল হৈ পৰিছে ইউৰোপৰ দেশখন।

উল্লেখ্য যে এগৰাকী কৃষ্ণাংগ ব্যক্তিক কৰ্তব্যৰত ফ্ৰান্স আৰক্ষীয়ে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰাৰ এক ভিডিঅ’ বৃহস্পতিবাৰে ফ্ৰান্সৰ লুপচাইডাৰ নামৰ এখন ফৰাচী নিউজ প’ৰ্টেলে প্ৰকাশ কৰে।

ভিডিঅ’টোত দেখা যায় ফ্ৰান্সৰ মাইকেল নামৰ এগৰাকী সংগীত প্ৰযোজকক মাস্ক নিপিন্ধাৰ আলম লৈ আৰক্ষীয়ে বলপূৰ্বকভাৱে তেওঁৰ ষ্টুডিঅ’ত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ কৰে।

ষ্টুডিঅ’ ভিতৰত থকা চিচিটিভিৰ ফুটেজত দেখা যায় যে আৰক্ষীয়ে কৃষ্ণাংগ লোকজনক অকথ্য অত্যাচাৰ চলায়। অভিযোগ মতে কৃষ্ণাংগ লোকজনক ষ্টুডিঅ’ বাহিৰলৈ উলিয়াই আনিও আৰক্ষীয়ে প্ৰহাৰ কৰে।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ ফ্ৰান্সতে ইয়াৰ বিৰুদ্ধে উত্তাল বিক্ষোভ প্ৰদৰ্শন কৰা হয়।

ইতিমধ্যে দেশখনৰ গৃহমন্ত্ৰী জেৰাল্ড ডাৰমানিনে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাটোত জড়িত আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

উল্লেখ্য যে ফ্ৰান্সত কৰ্তব্যৰত আৰক্ষীৰ ফ’টো তোলাৰ নিষেধাজ্ঞা জাৰি কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইনামুল মেক্ৰণে দেশখনত এখন আইন প্ৰণয়ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এই আইনখন প্ৰণয়ন হ’লে দেশখনত আৰক্ষীয়ে মানৱ অধিকাৰ লংঘন কৰিব বুলি দেশখনৰ মানৱ অধিকাৰ কৰ্মীসকলে আশংকা কৰি বিৰোধ কৰাৰো পৰিলক্ষিত হৈছে।