NORTHEAST NOW (Assamese)
Popular Stories

অলিম্পিকত চমক! বিভিন্ন খেলৰ লগতে দেশ সমূহে আগবঢ়াব পাৰিব ‘ব্ৰেক ডান্স’ৰো প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 8, 2020 10:56 am
অলিম্পিকত চমক! বিভিন্ন খেলৰ লগতে দেশ সমূহে আগবঢ়াব পাৰিব ‘ব্ৰেক ডান্স’ৰো প্ৰতিযোগিতা

আপুনি কেতিয়াবা ভাবিছিল নে যে ঋতিক ৰোশন, টাগাৰ শ্ৰফ, বৰুণ ধাৱান, প্ৰভু দেৱা, ধৰ্মেশ, ৰাঘৱ আদিৰ দৰে অভিনেতা সকলেও এদিন অলিম্পিকত স্বৰ্ণ জয়ৰ সুযোগ পাব?

এয়া হাস্যকৰ বুলি ভাবিলেও অসম্ভৱ কিন্তু মুঠেও নহয়, কাৰণ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে ২০২৪ পেৰিছ অলিম্পিকৰ বাবে ব্ৰেক ডান্সক স্বীকৃতি প্ৰদান কৰিছে।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে সোমবাৰে নিশা ব্ৰেক ডান্সক অলিম্পিক খেলৰ মান্যতা প্ৰদান কৰে।

অলিম্পিক সমিতিয়ে যোৱা বছৰ যুৱ অলিম্পিকৰ পৰা লাভ কৰা পৰামৰ্শ গ্ৰহণ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু যোৱা বছৰ যুথ অলিম্পিকত ইয়াক প্ৰয়াস কৰি চোৱা হৈছিল।

যুৱ সমাজৰ মাজত অলিম্পিকৰ জনপ্ৰিয়তা বৃদ্ধি তথা লিংগ সমতা স্থাপনৰ উদ্দেশ্যে অলিম্পিক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

২০১৯ চনৰ অলিম্পিকৰ এক আভ্যন্তৰীণ প্ৰতিবেদন অনুসৰি ১০ লাখ লোকে ব্ৰেক ডান্সক ক্ৰীড়া হিচাপে লৈছে আৰু ইয়াৰ বৰ্তমান চেম্পিয়ন জাপান।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ পৰা স্পষ্ট ইংগিত লাভ কৰা হৈছে যে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পিছত অৰ্থাৎ ২০২৮ চনৰ অলিম্পিকতো ক্ৰীড়াৰ শিতানত ব্ৰেক ডান্স বাহাল থাকিব।

উল্লেখ্য যে ভাৰতৰ এতিয়ালৈকে ব্ৰেক ডান্সৰ ফেডাৰেশ্যন গঠন কৰা হোৱা নাই।

ডান্সৰ জৰিয়তে বিশেষ পৰিচয় লাভ কৰা দেশ সমূহে এই বিশেষ পদক্ষেপক কিদৰে গ্ৰহণ কৰে সেয়া সঁচাকৈয়ে আকৰ্ষণীয় হ’ব।