NORTHEAST NOW (Assamese)
অসম

দিন দুপৰতে গুৱাহাটীত স্ক’ৰপিঅ’ ভাঙি ধন লুট

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক December 4, 2018 8:53 pm
Car_Robbery

গুৱাহাটী মহানগৰৰ খ্ৰীষ্টানবস্তিত এখন দোকানত বজাৰ কৰিবলৈ সোমাওঁতেই দিন দুপৰতে এখন স্ক’ৰপিঅ’ গাড়ীৰ খিৰিকীৰ আইনা ভাঙি ধন লুটি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মান্যবৰ নামৰ কাপোৰৰ শ্ব’ ৰুম এটাত সোমাওঁতেই তাৰ সন্মুখৰ পৰাই গাড়ীখন (নং AS 01 DU 2432)ৰ পৰা দুৰ্বৃত্তই ৫ লাখ টকা লুটি নিয়া বুলি ইতিমধ্যে দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছে মহিদুল ইছলাম নামৰ ব্যৱসায়ীজনে।

মহিদুল ইছলাম শিলৰ ব্যৱসায়ী।