NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত প্ৰতিবছৰে ১০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে স্তনৰ আকাৰ সৰু কৰাৰ অস্ত্ৰোপচাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 22, 2024 7:17 pm
ভাৰতত প্ৰতিবছৰে ১০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে স্তনৰ আকাৰ সৰু কৰাৰ অস্ত্ৰোপচাৰ

ভাৰতত প্ৰত্যেক বছৰে বৃদ্ধি পাইছে অস্ত্ৰোপচাৰৰ দ্বাৰা স্তনৰ আকাৰ সৰু কৰা মহিলাৰ সংখ্যা। এই কথা প্ৰকাশ কৰিছে নতুন দিল্লীৰ ডিভাইন এষ্টেটিক্স অস্ত্ৰোপচাৰৰ প্লাষ্টিক চাৰ্জন ডাঃ অমিত গুপ্তাই।

চিকিৎসকগৰাকীয়ে লগতে কৈছে, ‘‘দুৰ্ভাগ্যজনকভাৱে ভাৰতত অস্ত্ৰোপচাৰৰ কোনো গণনা পঞ্জীয়ন  নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে পৰিসংখ্যাৰ পঞ্জীয়ন কৰা হয়। কিন্তু মোৰ অভিজ্ঞতা অনুসৰি মই অনুমান কৰিম যে যোৱা পাঁচ বছৰত বছৰি এনে অস্ত্ৰোপচাৰ সংখ্যা ১০০% তকৈও অধিক বৃদ্ধি পাইছে।”

ডাঃ গুপ্তাৰ এই মন্তব্যক সমৰ্থন কৰিছে ডাঃ আকাংক্ষা গোৱেল আৰু ডাঃ সুধাংশু পুনিয়াই। 

ডাঃ পুনিয়াই কয় যে প্ৰতিমাহে ৪ টাৰ পৰা ৬ টা পৰ্যন্ত এনে অপাৰেশ্যন। 

ইফালে ডাঃ গুপ্তাই কয় যে স্তনৰ আকাৰ হ্ৰাস কৰিবলৈ অহা মহিলাসকলৰ ভিতৰত যথেষ্ট পৰিমাণে কম বয়সীয়া যুৱতীও আছে।

কিন্তু কিয় হঠাতে অস্ত্ৰোপচাৰৰ সংখ্যা বৃদ্ধি পাইছে? বিশেষজ্ঞ সকলৰ মতে স্তনৰ আকাৰ সৰু কৰিবলৈ মহিলাসকল আগ্ৰহী হোৱাৰ কেইবাটাও কাৰণ আছে। 

১/ পশ্চিমৰ প্ৰভাৱ

ভাৰতীয় মহিলাসকলে পৰম্পৰাগতভাৱে শাৰী আৰু কুৰ্তা পৰিধান কৰি আহিছে। কিন্তু সাজপাৰত পাশ্চাত্যৰ প্ৰভাৱ পৰাৰ বাবে মহিলাসকলে টি চাৰ্ট আৰু টান কাপোৰ পৰিধান কৰিবলৈ লৈছে। স্তনৰ আকাৰ ডাঙৰ মহিলাসকলে এনে টান কাপোৰ পৰিধান কৰাৰ ফলত ডিঙি আৰু কান্ধৰ বিষয় ভুগিবলৈ ধৰে। স্তনৰ আকাৰ ডাঙৰ হ’লে এনে কাপোৰে মহিলাগৰাকীক দেখাত দৃষ্টিকটু কৰি তোলে। সেয়েহে মহিলাসকলে অস্ত্ৰোপচাৰৰ দ্বাৰা স্তনৰ আকাৰ সৰু কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। 

২) মহিলাসকল অধিক স্বাধীন হৈ পৰিছে

অমিত ডাঃ গুপ্তাই কয় যে, “এদশকৰ আগতে মহিলাসকল পিতৃ-মাতৃ বা স্বামীৰ ওপৰত অধিক নিৰ্ভৰশীল আছিল, গতিকে অস্ত্ৰোপচাৰ কৰিবলৈ সদায় দ্বিধাবোধ কৰিছিল। এতিয়া ডাঙৰ স্তনৰ ফলত হোৱা বিষৰ মাজেৰে কষ্ট পোৱাৰ পৰিৱৰ্তে তেওঁলোকে এই অস্ত্ৰোপচাৰ কৰিবলৈ ধন সঞ্চয় কৰে, যাতে তেওঁলোকে আৰু ডিঙি বা কঁকালৰ বিষ সহ্য কৰিব নালাগে।”

৩/ আত্মবিশ্বাস বৃদ্ধি কৰা

ডাঃ গুপ্তাই কয়, “মোৰ অস্ত্ৰোপচাৰৰ পিছত ৰোগীয়ে তেওঁলোকৰ ফলাফল দেখাৰ পিছত আনন্দত কান্দি উঠা দেখিছোঁ। অস্ত্ৰোপচাৰৰ পিছত তেওঁলোকে এনে অনুভৱ কৰে যেন তেওঁলোকৰ শৰীৰৰ পৰা এটা গধুৰ বোজা আঁতৰি গৈছে। 

সৰ্বভাৰতীয় সংবাদ মাধ্যম  ইণ্ডিয়া টুডেৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত অস্ত্ৰোপচাৰৰ দ্বাৰা নিজৰ স্তনৰ আকাৰ হ্ৰাস কৰা মীনাক্ষী আৰু জছপ্ৰীত নামৰ দুগৰাকী মহিলাই কয় যে অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে আমাৰ শৰীৰে আৰামদায়ক অনুভৱ কৰা নাছিল। অস্ত্ৰোপচাৰৰ পিছত আমি যথেষ্ট আৰাম অনুভৱ কৰোঁ।

মীনাক্ষীয়ে কয়, “সামাজিক ঠাইলৈ গ’লে মোৰ আত্মবিশ্বাস একেবাৰে কমি গৈছিল। মোৰ এতিয়াও মনত আছে সৰুতে মোৰ গধুৰ স্তনৰ বাবে মই অতি সচেতন আছিলো, গতিকে মানুহৰ আগলৈ ওলাই যোৱাটোও মোৰ বাবে অতি কঠিন আছিল। আনকি স্তনৰ আকাৰ ডাঙৰ হোৱাৰ বাবে মই জিমলৈ যাবলৈও বাদ দিছিলোঁ। অৱশেষত মই অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু স্তনৰ আকাৰ ৩৮ ৰ পৰা ৩৪ লৈ হ্ৰাস কৰিছিলোঁ। এতিয়া মই যথেষ্ট আত্মবিশ্বাসী অনুভৱ কৰোঁ।

লগতে যশপ্ৰীতে লগতে কয় যে যিকোনো পোচাকতে মই মোৰ গধুৰ স্তনৰ বাবে সদায় অস্বস্তিকৰ অনুভৱ কৰিছিলোঁ। বিশেষকৈ গৰমত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল। অস্ত্ৰোপচাৰ কৰাৰ পিছত মই যথেষ্ট আৰামত আছোঁ।

৪/ ছ’চিয়েল মিডিয়া

বিশেষজ্ঞ সকলৰ মতে ছ’চিয়েল মিডিয়াই এনে অস্ত্ৰোপচাৰ বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। সামাজিক মাধ্যমত এই অস্ত্ৰোপচাৰৰ বিষয়ে প্ৰচাৰ হোৱাৰ আগেয়ে বহুতে জনা নাছিল যে এনেকুৱা অস্ত্ৰোপচাৰৰো অস্তিত্ব আছে।

ইয়াৰ উপৰিও ডাঙৰ বা উলমি থকা স্তনৰ বাবে মহিলাসকলে বিভিন্ন ৰাজহুৱা স্থানত অস্বত্বিকৰ অনুভৱ কৰে। ডাঙৰ স্তনৰ বাবে মহিলাসকলক একাংশ পুৰুষে ঘৃণনীয়ে দৃষ্টিৰে চায়।

এই অস্ত্ৰোপচাৰৰ কিবা পাৰ্শ্বক্ৰিয়া আছে নেকি?

বিশেষজ্ঞসকলৰ মতে এনে অস্ত্ৰোপচাৰৰ পাৰ্শ্বক্ৰিয়াম অতি বিৰল। এই অস্ত্ৰোপচাৰৰ পিছত কটা দাগ ম্লান কৰাৰ বিভিন্ন চিকিৎসা উপলব্ধ। সাধাৰণতে অস্ত্ৰোপচাৰৰ বাবে হোৱা দাগ সময়ৰৰ লগে লগে নোহোৱা হৈ যায়। 

অৱশ্যে কিছুমান মহিলাই  অস্ত্ৰোপচাৰৰ পিছত নিপল বা স্তনৰ সংবেদনশীলতাত সাময়িক বা স্থায়ী পৰিৱৰ্তন অনুভৱ কৰিব পাৰে, য’ত অজ্ঞানতা বা অতি সংবেদনশীলতাও অন্তৰ্ভুক্ত।

স্তনৰ আকাৰ হ্ৰাস কৰা অস্ত্ৰোপচাৰে স্তনপান কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে যদিও কিছুমান মহিলাই এই প্ৰক্ৰিয়াৰ পিছতো স্তনপান কৰাবলৈ সক্ষম হয়।

অস্ত্ৰোপচাৰৰ পিছত স্তন দুটা অসমান হোৱাৰ সম্ভাৱনা থাকে যদিও সমতা লাভৰ বাবে প্ৰচেষ্টা চলোৱা হয়।

যিকোনো অস্ত্ৰোপচাৰৰ দৰেই ইয়াতো সংক্ৰমণৰ আশংকা থাকে, যাৰ বাবে এন্টিবায়টিক চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে।