NORTHEAST NOW (Assamese)
অসম

বনকৰা কিশোৰীক অমানুষিক অত্যাচাৰ; পলাতক অভিযুক্ত ডাঃ দেৱজিৎ দত্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2024 6:38 pm

বনকৰা কিশোৰীক শাৰীৰিক অত্যাচাৰৰ অভিযোগত ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ দেৱজিৎ দত্তক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি পদৰ পৰা নিলম্বন কৰা হৈছে।খবৰ অনুসৰি দেৱজিৎ দত্তৰ নিলম্বনৰ পাছতে কামাখ্যা শইকীয়াক সভাপতিৰ দায়িত্ব দিয়া হৈছে।

লগতে পঢ়ক: ছিংগাপুৰৰ পাছত হংকঙত নিষিদ্ধ কৰা হ’ল MDH আৰু এভাৰেষ্টৰ মছলা

উল্লেখ্য যে, যোৱা সপ্তাহত বিহু উদযাপনৰ মাজতে ডিব্ৰুগড় জিলাত বনকৰা কিশোৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে চিকিৎসকজনৰ পত্নী ববী কলিতাক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দেৱজিৎ দত্ত তেতিয়াৰ পৰাই পলাতক হৈ আছে।খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ নাবালিকাগৰাকী ২০১৩ চনৰ পৰা দম্পতীহালৰ সৈতে আছিল।