NORTHEAST NOW (Assamese)

নাক বন্ধ থাকিলে মুখেৰে উশাহ লয় নেকি? সাৱধান! বিশেষজ্ঞই জনাইছে গুৰুত্বপূৰ্ণ তথ্য

December 18, 2024 9:36 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 18, 2024 9:37 am

প্ৰাপ্তবয়স্ক আৰু শিশুৰ নাক বন্ধ হোৱাটো এটা সাধাৰণ সমস্যা। নাকৰ ভিতৰৰ আৱৰণৰ প্ৰদাহ বা নাকৰ হাড়ৰ গাঁথনিগত সমস্যাৰ ফলত নাক বন্ধ হৈ যাব পাৰে। তাৰ পিছত মুখেৰে স্বাভাৱিকভাৱেউশাহ লোৱা হয় যদিও ই স্বাস্থ্যৰ বাবে একেবাৰেই উপযোগী নহয়।

নাক বন্ধ হোৱাৰ কাৰণ কি?

১. সাধাৰণ চৰ্দি।

২. ফ্লু বা চাইনাছৰ সংক্ৰমণ।

৩. এলাৰ্জেনৰ সংস্পৰ্শলৈ অহা।

৪. গৰম আৰু শুকান বতাহউশাহ লোৱা।

৫. এলাৰ্জীৰ লগত জড়িত হাঁচি।

৬. মচলাযুক্ত খাদ্য খোৱা।

৭. মদ্যপান

৮. উদ্বেগ

৯. চিগাৰেট খোৱা বা উদ্যোগিক ধোঁৱা উশাহলোৱা।

১০. নাকৰ ৰূপগত সমস্যা, যেনে বিচ্যুত চেপটাম।

১১. ডিকনজেষ্টেণ্টৰ অতিমাত্ৰা ব্যৱহাৰ।

১২. ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহা।

১৩. হৰম’নৰ পৰিৱৰ্তন।

১৪. উচ্চ ৰক্তচাপ আৰু হতাশাৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঔষধ।

১৫. চাইনাচাইটিছ

নাকৰ বন্ধ বাটটো কেনেকৈ খুলিব?

১. শুকান বায়ু নাক বন্ধ হোৱাৰ অন্যতম কাৰণ। কিন্তু এতিয়া বতৰ অধিক শুকান বা প্ৰদূষিত। গতিকে নিয়মীয়াকৈ মইশ্ব’ৰাইজাৰ (নিমখীয়া পানী) ব্যৱহাৰ কৰিলে নাক আৰ্দ্ৰ হৈ থাকিব।

২. নাকেৰে পানী ওলোৱা বা চৰ্দিত ভুগি থকাসকলৰ বাবে ভাপ উশাহ লোৱাটো উপকাৰী। বেচিন বা ডাঙৰ বাটি এটাত উতলি থকা পানী দি টেবুল এখনত থৈ ​​দিব। তাৰ পিছত টেবুলৰ ওচৰৰ চকী এখনত বহি বেচিন বা বাটিটোৰ ওপৰত মুখখন থৈ ৫-১০ মিনিট উশাহ ল’ব।

৩. পানীৰ খোৱাৰ পৰিমাণ বৃদ্ধি কৰা। চূপ আৰু জোলৰ দৰে গৰম পানীয় খালে নাকৰ পথ মুকলি হ’ব। পানী খালে আপোনাৰ শৰীৰে দূষিত পদাৰ্থ সমূহ সহজে উলিয়াই দিব পাৰে।

৪. টাৱেল এখন গৰম পানীত তিয়াই চেপি উলিয়াই লওক। এই গৰম টাৱেলখন নাকৰ ওপৰত ৩০ ছেকেণ্ডৰ বাবে ৰাখক। এইটো কেইবাবাৰো পুনৰাবৃত্তি কৰক।

৫. নাক বন্ধ হোৱাৰ বাবে এলাৰ্জেন প্ৰধান দোষী। আপোনাৰ নাক বন্ধ হৈ পৰা এলাৰ্জেন বিচাৰি উলিয়াওক আৰু ইয়াৰ পৰা আঁতৰি থাকক। এলাৰ্জীৰ ঔষধৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক।

৬. শুই থকাৰ সময়ত মূৰটো অলপ ওপৰলৈ তুলি ৰাখিব। ফলত উশাহ ল’বলৈ সহজ হ’ব। মুখৰ ওপৰত গৰম টাৱেল এখন ৰাখিব পাৰে যাতে আপুনি সহজে উশাহ ল’ব পাৰে।

৭. নাক বন্ধ হৈ পৰাৰ বাবে ডিকনজেষ্টেণ্ট স্প্ৰে আৰু ড্ৰপ অতি ফলপ্ৰসূ। ই অতি সোনকালে নাক খুলিবলৈ সহায় কৰে যদিও সৰ্বাধিক পাঁচৰ পৰা সাত দিনহে ব্যৱহাৰ কৰিব লাগে। ইয়াতকৈ বেছি সময় ব্যৱহাৰ কৰিলে আকৌ বন্ধ হৈ যাব পাৰে। ইয়াৰ পিছত যদি কোনো সমস্যা হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

মুখেৰে উশাহ ল’লে কি সমস্যা হয় জানো আহক?

নাকেৰে উশাহ ল’লে শৰীৰৰ উষ্ণতা বাহিৰলৈ ওলাই আহিব পাৰে। কিন্তু মুখেৰে উশাহ ল’লে ই সম্ভৱ নহয়।

নাকেৰে উশাহ ল’লে বতাহত থকা ডাঙৰ কণাবোৰ নাকৰ মাজত ফিল্টাৰ হয় ৰৈ যায় আৰু হাওফাওৱে বিশুদ্ধ উশাহ লাভ কৰে। কিন্তু মুখেৰে উশাহ ল’লে ক্ষতিকাৰক পদাৰ্থ শৰীৰত প্ৰৱেশ কৰিব পাৰে।

Related News