NORTHEAST NOW (Assamese)

ক’ভিড যুদ্ধ : কামিনছৰ পাছতে ভাৰতলৈ অনুদান আগবঢ়ালে প্ৰাক্তন তাৰকা ব্ৰেট লীয়ে

April 28, 2021 5:17 pm · এন ই নাও নিউজ
Updated: April 28, 2021 5:29 pm
(ফাইল ফটো)

অষ্ট্রেলিয়ান ফাষ্ট বলাৰ পেট কামিনছৰ পাছতে ভাৰতৰ ক’ভিড যুদ্ধৰ বাবে আৰ্থিক অনুদান আগবঢ়ালে আন এজন অষ্ট্ৰেলিয়ান তাৰকাই।

ক্ৰিকেট জগতত এসময়ত ফাষ্ট বলিঙেৰে তোলপাৰ লগোৱা প্ৰাক্তন তাৰকা ব্ৰেট লীয়ে অক্সিজেন ক্ৰয় কৰিবলৈ ১ বিটকইন অনুদান আগবঢ়াইছে।

ভাৰতীয় হিচাপত এক বিটকইনৰ মূল্য হৈছে ৪৩ লাখ টকা।

মঙলবাৰে এটা টুইটৰ যোগেৰে তেওঁ এই কথা জানিবলৈ দিছে।

তেওঁ এই অনুদানৰ বাবে পেট কামিনছৰ পৰা অনুপ্ৰেৰণা লাভ কৰা বুলি জনায়।

টুইটটোত তেওঁ লিখে যে ভাৰত তেওঁৰ বাবে ‘চেকেণ্ড হোম’ আৰু ভাৰতত লাভ কৰা মৰম-চেনেহৰ বাবেই তেওঁ দেশখনৰ লোকসকলৰ সংকটৰ সময়ত একেলগে থিয় দিছে।

এইক্ষেত্ৰত তেওঁ নিজকে সৌভাগ্যশালী হিচাপেও অনুভৱ কৰিছে।

উল্লেখযোগ্য যে প্ৰাক্তন তাৰকাজনে বিশ্ব ক্ৰিকেটৰ উপৰিও আইপিএলতো চমক সৃষ্টি কৰিছিল।

Related News