NORTHEAST NOW (Assamese)

‘’পুনৰ শিৱসাগৰৰ যুৱকক হত্যা কৰিলে পৰেশ বৰুৱা ইতিহাসৰ পাতত কলংকিত নায়কত পৰিণত হ’ব’’

February 21, 2021 1:52 pm · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

আলফাই পুনৰ শিৱসাগৰৰ যুৱকক হত্যা কৰিলে আলফা(স্বাধীনৰ) সেনাধ্যক্ষ পৰেশ বৰুৱা ওচামা বিন লাডেনৰ শাৰীত পৰিব।

আলফা(স্বাধীনৰ) সেনাধ্যক্ষ পৰেশ বৰুৱা ইতিহাসৰ পাতত এক কলংকিত নায়কত পৰিণত হব।

এই মন্তব্য উজনি অসম মুছলিম কল্যান পৰিষদৰ উপ সভাপতি মণিৰুল ইছলাম বড়াৰ।

আলফাৰ দ্বাৰা অপহৃত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক মুকলি কৰি দিবৰ বাবে দাবী কৰি জনাই দেওবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু উজনি অসম মুছলিম কল্যান পৰিষদে এক সংবাদ মেলৰ অয়োজন কৰে।

শিৱসাগৰত জন্ম লাভ কৰা আলফাই পূৰ্বে শিৱসাগৰৰ সাংবাদিক কমলা শইকীয়াক হত্যা কৰিছিল বুলি অভিযোগ তুলি পুনৰ শিৱসাগৰৰ যুৱকক হত্যা নকৰিবলৈ আহ্বায় জনায় সংগঠন দুটাই।

Related News