NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

Posted by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী May 20, 2025 8:20 pm

ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাই ইজৰাইলক গাজাৰ আক্ৰমণ শীঘ্ৰে বন্ধ কৰিবলৈ আহ্বান জনাইছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে যৌথ বিবৃতি প্ৰকাশ কৰিছে।

এই বিবৃতিত তিনিওজন নেতাই কয় যে যদি ইজৰাইলে নিজৰ নতুন সামৰিক অভিযান বন্ধ নকৰে আৰু মানৱীয় সাহায্যৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আঁতৰাই নিদিয়ে, তেন্তে আমি ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিম।

এই নেতাসকলে হামাছক ৭ অক্টোবৰত পণবন্দী কৰি ৰখা ইজৰাইলীসকলক মুকলি কৰি দিবলৈও আহ্বান জনায়।

তেওঁলোকে আৰু কয়, “আমি সদায় ইজৰাইলৰ নাগৰিকক সন্ত্ৰাসবাদৰ পৰা ৰক্ষা কৰাৰ অধিকাৰক সমৰ্থন কৰি আহিছো। কিন্তু ক্ৰমাৎ বৃদ্ধি পোৱা এই হিংসা সম্পূৰ্ণ ভুল।”

ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ যৌথ বিবৃতিৰ প্ৰতি সঁহাৰি জনাইছে।

নেতানিয়াহুৱে কয় যে যেতিয়া হামাছে ইজৰাইলৰ সকলো পণবন্দীক মুকলি কৰি দিব তেতিয়াহে যুদ্ধৰ অন্ত পৰিব।

তেওঁ লগতে কয় যে যদিহে বাকী থকা পণবন্দীসকলক মুকলি কৰি দিয়া হয়, যদি হামাছে অস্ত্ৰ-শস্ত্ৰ এৰি দিয়ে, যদিহে গাজাৰ পৰা সকলো সৈন্য প্ৰত্যাহাৰ কৰা হয় তেন্তে যুদ্ধৰ অন্ত পৰিব পাৰে।লগতে, নেতানিয়াহুৱে এই যুদ্ধক বৰ্বৰতাৰ বিৰুদ্ধে সভ্যতাৰ যুদ্ধ বুলি অভিহিত কৰিছে।