NORTHEAST NOW (Assamese)

সম্পদ ‘হৰলুকী’ৰ অভিযোগত কৰ্মচাৰীক বৰ্খাস্ত কৰিলে ব্ৰিটিছ মিউজিয়ামে

August 17, 2023 2:08 pm · এন ই নাও নিউজ, গুৱাহাটী

লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামে সোণ, গহনা আৰু অৰ্ধ বহুমূল্য ৰত্নকে ধৰি ধন-সম্পত্তি “হেৰুওৱা, চুৰি বা ক্ষতিগ্ৰস্ত” হোৱাৰ বাতৰি পোৱাৰ পিছত এজন কৰ্মচাৰীক বৰ্খাস্ত কৰিছে আৰু বৰ্তমান আৰক্ষীৰ তদন্ত চলি আছে বুলি বৃহস্পতিবাৰে সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি ব্ৰিটিছ সংগ্ৰহালয়ৰ পৰিচালক হাৰ্টৱিগ ফিচাৰে এক বিবৃতিত কয় যে সংগ্ৰহালয়টোৱে “সামগ্ৰী উদ্ধাৰৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব”।

তেওঁ কয়, ‘এয়া এক অতি অস্বাভাৱিক কাণ্ড। মই জানো, মই সকলো সহকৰ্মীৰ হৈ কথা কওঁ যেতিয়া মই কওঁ যে আমি আমাৰ তত্বাৱধানত থকা সকলো সামগ্ৰীৰ সুৰক্ষাক অত্যন্ত গুৰুত্বসহকাৰে লওঁ।‘

ব্ৰিটিছ মিউজিয়াম। ফটো: সংগ্ৰহীত

বিবৃতিটোত ফিচাৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে ‘’আমি ইতিমধ্যে আমাৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিছো আৰু আমি বাহিৰৰ বিশেষজ্ঞৰ সৈতে কাম কৰি কি কি হেৰাই গৈছে, ক্ষতিগ্ৰস্ত হৈছে আৰু চুৰি হৈছে তাৰ নিৰ্দিষ্ট হিচাপ সম্পূৰ্ণ কৰিছো।‘’

সংগ্ৰহালয়টোৰ মতে, খ্ৰীষ্টপূৰ্ব ১৫ শতিকাৰ পৰা খ্ৰীষ্টীয় ১৯ শতিকাৰ ভিতৰৰ নোহোৱা কোনো সামগ্ৰীয়েইই শেহতীয়াকৈ প্ৰদৰ্শন কৰা হোৱা নাছিল আৰু মূলতঃ শৈক্ষিক আৰু গৱেষণাৰ উদ্দেশ্যে ৰখা হৈছিল।

চাকৰিৰ পৰা বৰ্খাস্ত কৰা কৰ্মচাৰীজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কোৱা হৈছে।

ইপিনে, মেট্ৰ’পলিটান আৰক্ষীৰ ইকনমিক ক্ৰাইম কমাণ্ডে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি বিবিচিয়ে প্ৰকাশ কৰিছে।

ব্ৰিটিছ মিউজিয়াম। ফটো: সংগ্ৰহীত।

সেইদৰে, ব্ৰিটিছ মিউজিয়ামেও নিৰাপত্তাৰ স্বতন্ত্ৰ পৰ্যালোচনা আৰম্ভ কৰিছে।

ব্ৰিটেইনৰ অন্যতম বৃহৎ পৰ্যটনস্থলী ব্লুমছবেৰীস্থিত সংগ্ৰহালয়টোত প্ৰতি বছৰে ৬০ লাখতকৈও অধিক লোক ইয়ালৈ অহা দেখা যায়।

ইয়াৰ সংগ্ৰহত ছয়খন মহাদেশ আৰু ২০ লাখ বছৰৰ ইতিহাস বিস্তৃত, য’ত এলগিন মাৰ্বলছ বুলিও পৰিচিত পাৰ্থেনন ভাস্কৰ্য্যসমূহো অন্তৰ্ভুক্ত।

Related News