NORTHEAST NOW (Assamese)

ক’ৰ’নাত আক্ৰান্ত হ’ল ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন

March 27, 2020 5:23 pm · এন ই নাও নিউজ
ব্ৰিটিছ প্ৰধান মন্ত্ৰী

সমগ্ৰ বিশ্বত পাঁচ লক্ষাধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত শেহতীয়াভাৱে আক্ৰান্তহোৱা ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ নাম।

ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী গৰাকীৰ শৰীৰত বিগত ২৪ ঘণ্টাত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ কিছু লক্ষণে দেখা দিয়াৰ পাছত পৰীক্ষা কৰাত তেওঁক পজিটিভ হোৱা গৈছে।

বৰ্তমান সময়ত নিজকে গৃহবন্দী কৰি ৰাখিছে প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে ইণ্টাৰনেট আৰু প্ৰযুক্তি বিদ্যাৰ সহায়ত চৰকাৰী কাম-কাজ অব্যাহত ৰাখিছে বুলিও টুইটাৰ যোগে জনছনে জানিবলৈ দিয়ে।

আনহাতে, ব্ৰিটেইনত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ বাবে চৰকাৰক সহায় কৰিবলৈ হাজাৰ হাজাৰ স্বেচ্চাসেৱক ওলাই অহা বাবেও ধন্যবাদ জ্ঞাপন কৰে জনছনে।

‘‘আমি সকলোৱে একেলগ হৈ একক প্ৰচেষ্টাৰে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিম আৰু আমি জয়ী হ’ম। সকলোৱে ঘৰৰ ভিতৰত থাকক আৰু ক’ৰ’নাৰ সংক্ৰমণৰ পৰা নিজকে মুক্ত কৰি ৰাখক,’’ টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত প্ৰধান মন্ত্ৰী বৰিছ জনছনে আহ্বান জনায়।

Related News