NORTHEAST NOW (Assamese)
অসম

কলাইগাঁৱৰ নৰবলি চেষ্টা: গুৱাহাটীও ব্যতিক্ৰম নহয়, প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান ব্ৰাদাৰ্ছৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক July 9, 2019 11:47 pm
Brothers pleads Assam administration to take steps against superstitions

ওদালগুৰিৰ কলাইগাঁৱৰ এটা বীভৎস ঘটনা। যি ঘটনাই থানবান কৰিলে এখন সংসাৰ। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলালে এটা উচ্চ শিক্ষিত পৰিয়ালে। কিন্তু কেৱল কলাইগাঁৱেই নহয়, অসমৰ প্ৰাণকেন্দ্ৰ, উচ্চ শিক্ষিত আৰু আধুনিক মনৰ মানুহেৰে ভৰি থকা গুৱাহাটী মহানগৰীটো ঘটিব পাৰে অনুৰূপ ঘটনা।

অন্ধবিশ্বাসৰ কঁৰাল গ্ৰাসত একাংশ লোক আছে এইখন গুৱাহাটীতেই। সময়ে সময়ে ঘটি আছে কিছু সৰু-বৰ ঘটনা। দুই এদিন প্ৰতিক্ৰিয়া হৈছে কিন্তু তাৰ পাছত শাম কাটিছে। কিন্তু মহানগৰীত অলৌকিকতাত বিশ্বাস কৰি একাংশ লোকে বিজ্ঞানক পাহৰি যোৱা ঘটনা মহানগৰীত ঘটিয়েই আছে।

যোৱা ১৯ জুনৰ নিশা গুৱাহাটীৰ নীলাচল পাহাৰত উদ্ধাৰ হৈছিল এটা মুণ্ডহীন মহিলাৰ দেহ। কামাখ্য দেৱালয়ৰৰ অম্বুবাচী মেলাৰ দুদিনৰ আগত মৃত অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকী কোন আছিল বা কোনে কিয় তেওঁৰ শিৰচ্ছেদ কৰিলে তাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু মৃতদেহ কাষত পূজাৰ সামগ্ৰী উদ্ধাৰ হোৱাক লৈ সেয়া অন্ধবিশ্বাসৰ ফল বুলি বহুতেই ধাৰণা কৰিছিল।

ইয়াৰ পাছতেই ২২ জুনত মহানগৰীত শিৱলিংগৰ পৰা গাখীৰ ওলোৱা ঘটনা সংঘটিত হয়। ধীৰেণপাৰাৰ এটা শিৱ মন্দিৰৰ ধ্বংসাৱশেষৰ মাজৰ পৰা ওলাইছিল বগা ৰঙৰ জুলীয়া পদাৰ্থ। একাংশ অন্ধবিশ্বাসী লোকে সেয়া ভগৱানৰ লীলা বুলি হৈ চৈ লগাইছিল, তাত পূজাও কৰিছিল তেওঁলোকে। পাছত সেয়া প্ৰকৃততে এবিধ বগা ৰঙৰ তৰল পদাৰ্থ পানীৰ লগত মিহলি হৈ গাখীৰসদৃশ বগা পানী ওলাইছিল বুলি প্ৰমাণিত হৈছিল।

একেদৰে ওদালবাক্ৰাৰ সোণাইঘূলিত এজন ভণ্ড বাবাই প্ৰায় এবছৰ ধৰি চলাই আহিছিল তাণ্ডৱ। ধৰ্মৰ নামত অন্ধবিশ্বাস বিয়পাইছিল ৰবীন ৰাজবংশী নামৰ বাবাৰূপী যুৱকজনে। অন্ধবিশ্বাসবিৰোধী কৰ্মী দিব্যজ্যোতি শইকীয়া আৰু একাংশ সচেতন লোকৰ তৎপৰতাত এই উপদ্ৰৱ কমিছে যদিও ইয়াৰ প্ৰভাৱ সম্পূৰ্ণৰূপে এতিয়াও কমা নাই।

এইদৰে বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ সময়ত গুৱাহাটী মহানগৰীতেই একাংশ লোকৰ মাজত চলি আছে অন্ধবিশ্বাস। যাৰ বাবে হয়তো কেতিয়াবা মহাগনগৰীৰ অভিজাত সমাজতো ঘটিব পাৰে অনাকাংক্ষিত ঘটনা।

মহাগনগৰীত ঘটি থকা এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ব্ৰাদাৰ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সচিব প্ৰধান তথা মানৱ অধিকাৰ আৰু অন্ধবিশ্বাসবিৰোধী কৰ্মী দিব্যজ্যোতি শইকীয়াই।

সোমবাৰে গুৱাহাটী প্ৰেচ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত শইকীয়াই কয়, “বৰ্তমান বিজ্ঞানৰ যুগতো গুৱাহাটীৰ দৰে চহৰৰ একাংশ লোকে চিকিৎসা বিজ্ঞানক ভেঙুচালি কৰি স্বয়ম্ভু ভগৱান তথা বাবা আদিৰ কাষ চপা  পৰিলক্ষিত হয়। সেইসকল লোক প্ৰকৃততে শিক্ষাৰ নামত কলংক আৰু শিক্ষাৰ প্ৰমাণ পত্ৰ থকা ডিগ্ৰীধাৰী লোকহে।”

শইকীয়াই সোণোইঘূলিৰ ভণ্ড বাবাৰ প্ৰসংগ উত্থাপন কৰি তেনে এজন লোকৰ ওচৰলৈ বিভিন্ন ৰোগৰ বিধান বিচাৰি একাংশ শিক্ষিত লোক অহাৰ কথাও প্ৰকাশ কৰে।

গুৱাহাটী মহানগৰীত এইদৰে অন্ধবিশ্বাসে শিপাই থকা বিষয়টোক প্ৰশাসনক গুৰুত্ব সহকাৰে লৈ এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবেও তেওঁ দাবী জনায়।