NORTHEAST NOW (Assamese)
অসম

ভূমিপুত্ৰ ব্ৰুক শৰণাৰ্থীৰ আচৰণ যন্ত্ৰণাদায়ক, সংবিধান উলংঘা হৈছে: ত্ৰিপুৰী ৰাজসন্তান প্ৰদ্যোৎ

Posted by: নৰ্থইষ্ট নাও Updated by: নৰ্থইষ্ট নাও November 6, 2019 7:50 pm
Bru migrants weep amidst a roads blockade protest at Dasda-Anandabzaaar area in North Tripura on Sunday while describing their plight in relief camps.

“নিজৰ মাটিত ভূমিপুত্ৰক শৰণাৰ্থীৰ আচৰণ কৰা দেখিব লগা হোৱাতো যন্ত্ৰণাদায়ক। ব্ৰু শিৱিৰত ৰেচন যোগান বন্ধ কৰি চৰকাৰে আমাৰ অধিকাৰ উলংঘা কৰিছে।”

সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ১৯৭৬ চনৰ “উন্নয়ন” (দাম্বুৰ নদীবান্ধ)ৰ বলি হৈ ভয়ংকৰ জীৱন কটাব লগা হোৱা “হাবিৰ মানুহ” ব্ৰু (=ৰিয়াং)সকলৰ অধিকাৰক লৈ সৰৱ হৈ ত্ৰিপুৰী ৰাজসন্তান প্ৰদ্যোত কিশোৰ দেববাৰ্মাই বুধবাৰে এই মন্তব্য কৰিছে।

ভাৰত চৰকাৰে শেহতীয়াকৈ সাহায্য বন্ধ কৰি দিয়াৰ পিছত খাদ্যহীন হৈ পৰা ব্ৰু আশ্ৰয় শিৱিৰত খোৱা সামগ্ৰীৰ সৈতে উপস্থিত হৈ সদ্য কংগ্ৰেছত্যাগী দেববাৰ্মাই দুৰ্ভগীয়া ভূমিপুত্ৰসকলৰ হৈ যুঁজাৰো অংগীকাৰ কৰিছে।

“এই মাটি আপোনালোকৰ আৰু ইয়াৰ পৰা যাবলৈ আপোনালোকক কোনেও জোৰ কৰিব নোৱাৰে। ৰিয়াং মানুহ ৰাখিব পৰাকৈ ত্ৰিপুৰাৰ পৰ্য্যাপ্ত ঠাই আছে। মই ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰৰ সৈতে কথা পাতিম,” ব্ৰুসকলক দেববাৰ্মাৰ আশ্বাস।

দেববাৰ্মাৰ প্ৰশ্ন, বি এছ এফ ফায়াৰিং ৰে’ঞ্জৰ বাবে কাঞ্চানপুৰাত যদি ২৭০০ একৰ মাটি দিয়াটো চৰকাৰে বিবেচনা কৰিব পাৰে তেন্তে আমাৰ বিতাড়িত লোকসকলৰ ক্ষেত্ৰত কিয় নোৱাৰে?

দেববাৰ্মাই লগতে কয়, ব্ৰু শিৱিৰত সাহায্য বন্ধ কৰাৰ বাবে কেন্দ্ৰই লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ অতি সোনকালে উচ্চ ন্যায়ালয়ত লেখ আবেদন কৰিব।

“ভাৰতীয় সংবিধানৰ ২১নং অনুচ্ছেদে আমাক খাদ্যৰ অধিকাৰ প্ৰদান কৰিছে। আৰু ব্ৰু শিৱিৰত ৰেচন যোগান বন্ধ কৰি চৰকাৰে আমাৰ অধিকাৰ উলংঘন কৰিছে,” দেববাৰ্মাই কয়।

ব্ৰুসকলক “আমাৰ মানুহ” বুলি উল্লেখ কৰি দেববাৰ্মাই কয়, ত্ৰিপুৰাৰ দাম্বুৰ নদীবান্ধৰ ফলত ভূমিহীন হৈ পৰা ভূমিপুত্ৰসকল মিজোৰামলৈ যাবলৈ বাধ্য হৈছিল।

ভাৰতবৰ্ষৰে ৭৫টা “আদিম জনজাতি” (primitive tribe)ৰ এটাৰূপে স্বীকৃত ব্ৰুসকল ত্ৰিপুৰাৰ গুমতী নদীৰ বান্ধটোৰ ফলত যে ভূমিহীন হৈছিল সেয়া নিশ্চিত। কিন্তু একেখিনি লোকেই যে অভ্যন্তৰীণ শৰণাৰ্থীৰ ৰূপত ত্ৰিপুৰালৈ ঘূৰি আহিছিল তাৰ কোনো তথ্য আমাৰ হাতত নাই।

বিপৰীতে, মিজোৰামো স্বাভাৱিকভাৱেই পাহাৰীয়া জনজাতিটোৰ আদিম বাসভূমি। বৰ্তমান মিজোৰামত প্ৰায় ৪০ হাজাৰ ব্ৰু লোক থকাৰ বিপৰীতে উত্তৰ ত্ৰিপুৰাৰ শৰণাৰ্থী শিৱিৰত প্ৰায় ৩০ হাজাৰ লোকে আশ্ৰয় লৈ আছে।

“গুমতী প্ৰকল্পৰ দাম্বুৰ বান্ধে….৫৮৪৫ জনজাতি পৰিয়াল— মুঠ ৩৫ৰ পৰা ৪০ হাজাৰ মানুহক স্থানান্তৰিত কৰিছিল,” এখন গৱেষণাপত্ৰৰ উদ্ধৃতি।

তাৎপৰ্য্যপূৰ্ণভাৱে, ১৯৭৬ চনত মুকলি কৰা ১০মেগাৱট ক্ষমতাৰ বান্ধটোত এতিয়া বিদ্যুৎ উৎপাদন নহয়, কাৰণ গুমতীত পানী শুকাই গ’ল।

ৰিয়াং (=ব্ৰু)সকলক আদিম বাসভূমিৰ পৰা আঁতৰাই নিৰ্মাণ কৰা ৪২ কি.মি. এলেকাজোৰা বান্ধৰ জলাশয়টো এতিয়া পৰ্য্যটকলৈ পক্ষী দৰ্শনৰ বাবে মুকলি কৰা হৈছে। চি পি আই (এম) চৰকাৰৰ দিনত ২০১২ চনৰ পৰা এই দিহা কৰা হৈছিল।

বান্ধে ভূমিহীন কৰা ব্ৰুসকল ত্ৰিপুৰাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে। বৰ্তমানো ৰিয়াংসকল (=ব্ৰু) ত্ৰিপুৰাৰ দ্বিতীয় বৃহৎ জনজাতি।

২০০১ চনৰ লোকপিয়লমতে ত্ৰিপুৰাত ব্ৰুৰ সংখ্যা ১,৬৫,১০৩গৰাকী।

কেন্দ্ৰই মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতে লগ লাগি ত্ৰিপুৰাৰ আশ্ৰয় শিৱিৰৰ ব্ৰুসকলক মিজোৰামলৈ ঘূৰাই নিয়াৰ চেষ্টা চলাই আছে।

’১৯ৰ অক্তোবৰত নৱমটো প্ৰচেষ্টাত কেৱল প্ৰায় ৭০০ ব্ৰু লোক (১২৫টা পৰিয়াল)হে মিজোৰামলৈ ঘূৰি যাবলৈ মান্তি হয়।

যোৱা ৫ অক্তোবৰত মিজোৰামত সংঘটিত এটা ঘটনাই কেন্দ্ৰৰ প্ৰচেষ্টাক পুনৰ বিফল কৰি পেলোৱাৰ বাতৰিও প্ৰকাশিত হৈছে।

মিজোৰামৰ মামিত জিলালৈ ঘূৰি যোৱা লিন্দা ৰিয়াং নামৰ এগৰাকী ৩৩ বছৰীয়া ব্ৰু মহিলাক সেইদিনা তেওঁৰ মিজো গিৰীয়েকে জীৱন্তে জ্বলাই দিয়াৰ এক ঘটনা ঘটিছিল।

খবৰমতে, সেই ঘটনাৰ খবৰে ত্ৰিপুৰাৰ শিৱিৰত থকা ব্ৰুসকলক পুনৰ আতংকিত কৰি তোলে।

খবৰমতে, ঘটনাটো সাধাৰণ বুলি ব্ৰুসকলে ল’ব পৰা নাই। ১৯৯৭ চনত এজন মিজো বন কৰ্মচাৰীক হত্যাৰ ঘটনাৰ আলম লৈয়ে মিজো আৰু ব্ৰুসকলৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা হৈছিল।

কেন্দ্ৰ আৰু মিজোৰাম আৰু ত্ৰিপুৰা আটাইকেইখন চৰকাৰৰ আশ্বাসৰ পিছতো ব্ৰুসকল মিজোৰামলৈ ঘূৰি যাব নোখোজাতো নিঃসন্দেহে তাৎপৰ্য্যপূৰ্ণ।

খবৰমতে, ব্ৰুসকলে মিজোৰামত একেঠাইতে তেওঁলোকক পুনৰ সংস্থাপিত কৰাতো বিচাৰিছে।

মিজোৰামৰ সংখ্যাগুৰু মিজোসকলে ভোটৰ ৰাজনীতিক প্ৰভাৱিত কৰিব পৰাকৈ ব্ৰুসকলক থূপাই সংস্থাপিত কৰাটো হয়তো নিবিচাৰে।

আটাইকেইটা প্ৰধান মিজো জাতীয় সংগঠনে ব্ৰুসকলৰ ভোটাধিকাৰক লৈ দীৰ্ঘদিনধৰি আপত্তি কৰি আহিছে। আনকি ভোটাধিকাৰ নিদিয়াৰ দাবীও জনাইছে।

শেহতীয়া প্ৰচেষ্টাত ঘূৰি যোৱা ব্ৰু পৰিয়ালকেইটাক মিজোৰামৰ ম্যানমাৰ সীমাৰ লুংলেইৰ লগতে ক’লাচিব আৰু মামিত জিলাত সংস্থাপিত কৰা হৈছে।

ফলত বিফল কেন্দ্ৰই এইটোৱে “অন্তিম প্ৰচেষ্টা” বুলি উল্লেখ কৰি শেহতীয়াকৈ প্ৰায় ৩০হাজাৰ ব্ৰু লোক বাস কৰা ত্ৰিপুৰা কাঞ্চানপুৰাৰ ৬টা শিৱিৰত ৰেচন যোগান বন্ধ কৰি দিছে।

central aid for displaced bru people
কেন্দ্ৰই স্থানান্তৰিত ব্ৰুসকলৰ বাবে যোগান দি অহা পুঁজি। গৃ্হ মন্ত্ৰ্যালয়ৰ তথ্য।

ফলত শিৱিৰতে ব্ৰু লোক “খাবলৈ নাপায় মৰা”ৰ ভয়ংকৰ মানৱীয় সংকটৰ অভিযোগ উত্থাপিত হৈছে।

মিজো ব্ৰু দিছপ্লে’চ(দ) পীপলছ ফ’ৰামে নৰ্থইষ্ট নাওক জনোৱামতে, সোমবাৰে দুটা শিশুকে ধৰি যোৱা এটা সপ্তাহত মুঠ ৬গৰাকী ব্ৰু লোকে মৃত্যু সাৱটিব লগা হৈছে।

“একো খাবলে নোপোৱা বাবে তিনি বছৰীয়া আজিতাৰি ৰিয়াং আৰু চাৰিমহীয়া শিশু পিগলি ৰিয়াঙৰ মৃত্যু হৈছে। ৩ নৱেম্বৰত মনিৰাম মলছৈৰ দুবছৰীয়া পুত্ৰ আক’চ’ মলছৈ আৰু ঘ’মা ৰিয়াঙৰ পত্নী বৃষ্টিৰুং ৰিয়াং (৬৫ বছৰ)ৰ মৃত্যু হৈছে। ৩১ অক্তোবৰত মাক’তা ৰিয়াং নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধ আৰু জন চংপ্ৰেংথ নামৰ এটি দুবছৰীয়া শিশুৰ মৃত্যু হৈছে।”

ফ’ৰামৰ নেতাই জনোৱামতে, খাদ্যৰ অভাৱত বহু কেঁচুৱামাইকীৰ বুকু শুকাই গৈছে আৰু মাকৰ গাখীৰ খোৱা সন্তান পিয়াহত থাকিব লগা হৈছে।

কেন্দ্ৰই স্থানান্তৰিত ব্ৰুসকলৰ পুনৰ সংস্থাপনৰ বাবে যোগান দি অহা পুঁজিৰ তথ্য।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2019/11/NEBruMig_160414_0.pdf” title=”central aid for displaced bru people”]

শাৰীৰিক কাৰণত আটাইতকৈ বেছিকৈ মৃত্যুৰে যুঁজিব লগা হৈছে বৃদ্ধ আৰু কণমানি শিশুসকলে।

ব্ৰু নেতাসকলে আৰু বহুলোকৰ মৃত্যুৰে পৰিস্থিতি অধিক বেয়াৰ ফাললে যোৱাৰ আশংকা প্ৰকাশ কৰিছে।

ব্ৰু নেতা ব্ৰুন’ মেছাই জনোৱামতে, শিৱিৰসমূহত আৰু বহু বৃদ্ধ আৰু শিশু গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।

বৰ্তমান ত্ৰিপুৰাত থকা মিজোৰামৰ সাংসদ ৰ’নালড চাপাই ব্ৰুসকলৰ ভয়াৱহ অৱস্থা চাবলৈ কেন্দ্ৰীয় গৃহ বিভাগে এটা দল পঠোৱা উচিত বুলি মন্তব্য কৰিছে।

ইপিনে, ত্ৰিপুৰাৰ বিৰোধী দলসমূহে বিষয়টোক লৈ বিপ্লব দেবৰ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

“এই খিলঞ্জীয়া মানুহবিলাকে খাবলৈ পোৱা নাই আৰু আমাৰ ৰাজ্য চৰকাৰ নীৰৱ হৈ আছে। চৰকাৰে যি কৰিছে সেয়া অতি অমানৱীয় হৈছে,” অতি শীঘ্ৰে খাদ্য যোগান ধৰিবলৈ আহ্বান জনাই ত্ৰিপুৰা কংগ্ৰেছৰ মুখপাত্ৰ তাপস দেই কয়।

চি পি আই (এম)এও ব্ৰুসকলৰ বাবে সাহায্য পুনৰ মোকলাই দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী দেবে শেহতীয়াকৈ কৈছিল যে, শিৱিৰত বহুদিন থকা ব্ৰুসকল প্ৰথমে মিজোৰামলৈ যোৱা উচিত।

“কোনো বিকল্প নাই, তেওঁলোক প্ৰথমে গৃহভূমি মিজোৰামলৈ যাওক; কেন্দ্ৰ আৰু মিজোৰাম চৰকাৰে তেওঁলোকক সহায় কৰাৰ আশ্বাস দিছে,” বিপ্লব দেবে শেহতীয়াকৈ সংবাদ মাধ্যমক জনাইছিল।

ইফালে গৃহহীন, খাদ্যহীন শৰণাৰ্থী ব্ৰুসকল পথলৈ ওলাই আহিছে। মঙলবাৰলৈকে যোৱা এসপ্তাহ ধৰি তেওঁলোকে আনন্দবাজাৰ-দাশ্বদা পথ বন্ধ কৰি ৰাখিছে।

ত্ৰিপুৰাৰ কাঞ্চানপুৰ মহকুমাত পৰিস্থিতি ভয়ানক হৈ আছে। প্ৰশাসনে ভাৰতীয় দণ্ড বিধিৰ ১৪৪ ধাৰা জাৰি কৰিছে।

১৯৯৭ চনত সংখ্যাগুৰু মিজোসকলৰ সৈতে হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছতে ৩০/৪০ হাজাৰ ব্ৰু লোকে ত্ৰিপুৰাত আশ্ৰয় লৈছিল।