NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ ১৩ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু; মুঠ মৃতকৰ সংখ্যা ৬৩৮ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2020 10:15 pm

সমগ্ৰ অসমত ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণ অব্যাহত আছে। ৰাজ্য চৰকাৰৰ হাতৰ পৰা ক্ৰমাৎ অসমৰ ক’ৰ’নাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে।

আজিও অসমত ১৩ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণত প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰে।

ইয়াৰ ফলত ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৩৮ গৰাকীলৈ বৃদ্ধি পালে।

শুকুৰবাৰৰ দিনটোতো ৰাজ্যত ১৭ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছিল।

আজি মৃত্যু হোৱা লোক কেইগৰাকী হ’ল ক্ৰমে- শিৱসাগৰ ৰাজীৱ আহমেদ(৪৮), ধেমাজী জিলাৰ সাৰদা চেত্ৰী(৩০), হোজাইৰ ধৃতিমান পল(৪৮), গোলাঘাটৰ বৈশাখী কালিন্দী(৬৫), যোৰহাটৰ সৰুকন শইকীয়া(৭৫) আৰু বীৰেণ বৰা(৬৬), গোলাঘাটৰ অমল জ্যোতি বৰা(৫২), ওডালগুৰিৰ ৰঞ্জিত শইকীয়া(৬৫), শোণিতপুৰৰ আগাবী চোৰেণ(৫৫), গোলাঘাটৰ কৰ্ণ তান্তি(৭৩), নগাঁৱৰ ৰজনী বৰা(৬০), কৰিমগঞ্জৰ চামিন খলিদ(৪৩) আৰু শিৱসাগৰৰ গন্ধেশ্বৰ বৰা(৭৬)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা আটাইকেইগৰাকী লোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।